অন্য এক নীলপৱন-দীপালিৰ প্ৰেমৰ কাহিনী। বিবাহ পঞ্জীয়নৰে প্ৰাঞ্জল-শৰ্মিষ্ঠাৰ যুগ্ম জীৱনৰ পাতনি…

অন্য এক নীলপৱন-দীপালিৰ প্ৰেমৰ কাহিনী। বিবাহ পঞ্জীয়নৰে প্ৰাঞ্জল-শৰ্মিষ্ঠাৰ যুগ্ম জীৱনৰ পাতনি। পখিলা খেদাৰ বয়সতে অসাৰ হৈ গৈছিল শৰ্মিষ্ঠাৰ ভৰি দুখন। এছ এম এ ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা। ফুলগুৰিৰ “শান্তি নিলয়”ৰ এটা কোঠাৰ এখন শেতেলীয়েই হৈ পৰিছিল জীৱন সংগী । নাম তাইৰ শৰ্মিষ্ঠা প্ৰীতম। কিন্তু সাহসী শৰ্মিষ্ঠাই যুঁজিলে, হুইল চেয়াৰ আৰু ঘৰৰ সেই শেতেলীখনতেই আৰম্ভ কৰিলে সংগ্ৰাম । হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণ কৰি তাই নিৰলসভাৱে কৰি গ’ল সাহিত্য চৰ্চা । শক্তিশালী গদ্যৰে অসমীয়া মানস প্ৰাণ চঞ্চল কৰি ৰখা তথা কেইবাখনো উপন্যাসৰ স্ৰষ্টা দৃঢ়মনা শৰ্মিষ্ঠা প্ৰীতমে আজি মেলিলে যুগ্ম জীৱনৰ পাতনি। লেখক,গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে বিবাহ পঞ্জীয়ন হ’ল শৰ্মিষ্ঠাৰ । নগাঁও আদালত চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক বিভিন্নজনে জনালে অভিনন্দন-শুভেচ্ছা।

এছ এম এ যোদ্ধা শৰ্মিষ্ঠা প্ৰীতমৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত তাইক জিলিকাই তোলাৰ আঁৰৰ ব্যক্তি গৰাকীয়েই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । ইয়োৰপৰি এই দুৰাৰোগ্য ব্যাধিৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল নগঞা যুৱকগৰাকীয়ে । আনহাতে শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱকজনেই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । আজি সেই প্ৰাঞ্জলৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠাই।

Related Articles