বিশ্বৰ মহাসাগৰৰ তালিকাত নতুনকৈ সংযোজন হ’ল আন এখন মহাসাগৰ, আনুষ্ঠানিক স্বীকৃতি

বিশ্বৰ মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন নতুনকৈ মহাসাগৰ। বিশ্বত থকা ৪ খন মহাসাগৰ হ’ল আটলান্টিক, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। এই মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল আন এখন মহাসাগৰৰ নাম।

এই পঞ্চম মহাসাগৰ খনৰ নাম হ’ল দক্ষিণ মহাসাগৰ। বিশ্বৰ প্ৰখ্যাত সন্মানীয় আৰু বিশ্বাসযোগ্য মানচিত্ৰ নিৰ্মাতা নেচনেল জিঅগ্ৰাফিকে পঞ্চমখন মহাসাগৰৰ উপস্থিতিৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, পূৰ্বেই দক্ষিণ মহাসাগৰক মান্যতা প্ৰদান কৰা হৈছিল কিন্তু আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাছিল। ইয়াৰ পিছতেই জিঅ’গ্ৰাফিকৰ এটা ৱেবচাইটত প্ৰকাশ পাইছে যে এন্টাৰ্কটিকাত আগুৰি থকা পানী ভাগকেই দক্ষিণ মহাসাগৰ বুলি চিনাক্ত কৰা হৈছে।

Related Articles