Breaking

অসম আৰক্ষীৰ আন এক স্মাৰ্ট অপাৰেচন

0 2,020

অসম আৰক্ষীৰ আন এক স্মাৰ্ট অপাৰেচন। কাৰ্বি আংলং জিলাৰ মাটিপুল অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বোকাজান মহকুমা আৰক্ষী বিষয়া, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ  এটা দলে মঙ্গলবাৰে নিশা অভিযান চলাই। নিশা ৯.৩০ বজাত চলা অভিযানকালত মাটিপুলত এখন দুচকীয়া বাহনৰ ভিতৰত ১৫০ টা চাবোন বাকচত ১.৭৭ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে গ্ৰেপ্তাৰ  কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী ক্ৰমে বোকাজানৰ বিমল তস্যা আৰু মৈৰাবাৰীৰ ছাদ্দাম হুছেইন।উল্লেখ্যযোগ্য যে নিশা গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে থানালৈ অনাৰ পথত ছাদ্দাম হুছেইনে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে গুলীওৱাত  ছাদ্দাম হুছেইনৰ ভৰিত গুলী লাগি আহত হয়। আহত ছাদ্দাম হুছেইনক বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Leave A Reply