নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান।জিলাখনৰ সকলো আৰক্ষীয়ে অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালকৈ যোৱানিশা দৰং জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত আৰু ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিকাশ সিঙৰ সহযোগত আৰক্ষীৰ দল এটাই এক অভিযান চলাই। অভিযানত জিলাখনৰ ধুলা থানাৰ অন্তৰ্গত খাটনীয়াপাৰা গাঁৱৰ মহম্মদ আলি নামৰ ব্যক্তি এজনৰ ঘৰত তালাচী চলায়। অভিযানকৰী দলটোৱে উক্ত তালাচী ঘৰৰ পৰা তিনিটা টোপোলাত সৰ্বমুঠ ৪.৫ কিলোগ্ৰাম ওজনৰ নিষিদ্ধ ভাং জব্দ কৰাৰ লগতে মহম্মদ আলীক গ্ৰেপ্তাৰ কৰে। ধূলা আৰক্ষীয়ে এই সন্দৰ্ভত ধুলা আৰক্ষী থানাৰ ১৪৮/২১ নম্বৰত NDPS 20(b) (ii) (B) ধাৰাত এক গোচৰ ৰুজু কৰি অভিযুক্ত মহম্মদআলীক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে।

