এলভিছ আলী হাজৰিকাৰ আন এক সফলতাঃ এইবাৰ দক্ষিণ আফ্ৰিকাৰ ৰবেন দ্বীপ লৈ সাঁতোৰ…

এলভিছ আলী হাজৰিকাৰ আন এক কৃতিত্ব অৰ্জন। এইবাৰ দক্ষিণ আফ্ৰিকাৰ ৰবেন দ্বীপলৈ সাঁতুৰি আন এক অভিলেখৰগৰাকী হয় এলভিছ। ৰবেন দ্বীপ হ’ল দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ উত্তৰে টেবল উপকূলৰ এটা দ্বীপ। এই দু:সাহসিক অভিযান কালত এলভিছে প্ৰচণ্ড সোঁত, জেলিফিছ, ডলফিন, ছানফিছৰ বিৰুদ্ধে যুঁজ চলাই লক্ষ্যত উপনীত হয়।

ইতিপূৰ্বে কেটেলিনা চেনেল, ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰা এলভিছ আলী হাজৰিকাৰ ৰবেন দ্বীপলৈ সাঁতোৰাটো আন এক কৃতিত্ব ৰূপে বিবেচিত হৈছে ।

Related Articles