Breaking

বড়িবজাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী আন এক সফল অভিযান, ড্ৰাগছসহ আটক নৱজ্যোতি বৰদলৈ…

0 31

মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন বড়ি বজাৰ আৰক্ষীয়ে আজি পুনৰ আন এক ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে সন্ধিয়া ৮ বজাত এক গোপন সূত্ৰৰ পম খেদি বড়ি বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ধনীয়ভেটিৰ পৰা ড্ৰাগছ ক্ৰয় কৰি দলংঘাট অভিমুখে গৈ থকা অৱস্থাত শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা যুৱক জনক হাতে-লুটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

যুৱক জনৰ পৰা আৰক্ষীয়ে কাগজত থকা ১.৫৯ গ্ৰাম আৰু প্লাষ্টিকৰ চাদাৰ টেমা ভৰ্তি ১২.৫৭ গ্ৰাম ড্ৰাগছৰ লগতে এটা ম’বাইল আৰু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱক জন মিকিৰভেটা থানাৰ এলেকাধীন দলংঘাট শান্তিপূৰ গাঁৱৰ নৱজ্যোতি বৰদলৈ বুলি জানিব পৰা গৈছে।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Leave A Reply