জামুগুৰিহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ ৷ ৬৭ গৰাকীৰ ফলাফল নিগেটিভ অহাত গৃহলৈ যোৱাৰ অনুমতি ৷

জামুগুৰিহাট : মাৰাত্মক ক’ৰনা ভাইৰাছে সমগ্ৰ ৰাজ্যতে লৈছে ভয়াবহ ৰূপ ৷ সজাগ সচেতনতাৰ অবিহনে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাতো অসম্ভৱ হৈ পৰিছে ৷ প্ৰতিদিনেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তেই জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰতো আজি ক’ভিডত আক্ৰান্ত হৈছে আন এগৰাকী যুৱক ৷ কেৰেলাৰপৰা ২২ জুনত উভতি অহা ২নং ননকে গটাইমাৰীৰ ছফিকুল আলি(২২) নামৰ যুৱকগৰাকীৰ ছোৱাব সংগ্ৰহ কৰাৰ পিছত ২৩ জুনত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৃথকীকৰণ কেন্দ্ৰত ৰখা হৈছিল ৷ কিন্তু আজি ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ অহাত স্বাস্থ্যবিভাগে যুৱকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ইয়াকে লৈ বহি:ৰাজ্যৰপৰা আহি কেন্দ্ৰটোত কোৱাৰেন্টাইনত থকা ৪ গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷উল্লেখ্য যে যোৱা ২০ জুনতো কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা ৩ গৰাকী যুৱকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল ৷ প্ৰণিধানযোগ্য যে ২৩ জুনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী নিপুল দাস নামৰ যুৱকগৰাকীও কভিড ১৯ ত আক্ৰান্ত হৈছিল ৷ ক’ভিডত আক্ৰান্ত নিপুল দাসে ফলাফল লাভ কৰাৰ প্ৰাক মুহূৰ্তলৈকে বজাৰ সমাৰো কৰিছিল ৷ যাৰবাবে নিপুলৰ সংস্পৰ্শলৈ অহা ৩৫ গৰাকী লোকক স্বাস্থ্যবিভাগে চিনাক্ত কৰি হোম কোৱাৰেন্টাইন কৰোৱাৰ লগতে ১নং মাজগাঁও আৰু লুকুৰাচুক হাটবৰ গাঁও দুখনক প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৷ ইয়াৰোপৰি নিপুলৰ সংস্পৰ্শলৈ অহা লোকসকলৰ ছোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰিছে স্বাস্থ্যবিভাগে ৷ যাৰবাবে ছোৱাবৰ ফলাফল নহা পৰ্য্যন্ত গণ সংক্ৰমনৰ আশংকাত ভীতিবিহবল হৈ আছে জনসাধাৰণ ৷ আনহাতে সমগ্ৰ চতিয়া সমষ্টিত বৰ্তমানলৈকে ১২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত থকা ১৩৩ গৰাকী যুৱকৰ ভিতৰত ৬৭ গৰাকীৰ ফলাফল নিগেটিভ অহাত কালি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ ৰাজহ চক্ৰ বিষয়া, জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া,চিকিৎসক-চিকিৎসা কৰ্মীৰ উপস্থিতিত প্ৰতিগৰাকী যুৱককে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰি নিজ গৃহলৈ যোৱাৰ অনুমতিৰ লগতে সকলো ব্যৱস্থা কৰোৱাই বিধায়কগৰাকীয়ে ৷

Related Articles