Breaking

ৰাষ্ট্ৰীয় স্কুল গেমছ টেনিছত অন্তৰীক্ষ তামূলীৰ ৰূপৰ পদক অৰ্জন

0 68

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এই বহু ইভেণ্টৰ প্ৰতিযোগিতাৰ ১২ জুন, সোমবাৰে সামৰণি পৰে।

নতুন দিল্লীৰ এন চি টিত অনুষ্ঠিত ল’ৰাৰ ১৯ বছৰ অনূৰ্দ্ধ টেনিছ প্ৰতিযোগিতাত অসমৰ অন্তৰীক্ষ তামূলীয়ে ৰূপৰ পদক লাভ কৰে।

ইফালে দিল্লীত অনুষ্ঠিত ছোৱালীৰ ১৯ বছৰ অনূৰ্দ্ধ ৰিডমিক যোগাসনত অসমৰ জেনিফাৰ আফ্ৰিন আহমেদে সোমবাৰে ব্ৰঞ্জৰ পদক জয় কৰে ।

২১ টা ইভেণ্টত যোগদান কৰা অসমৰ খেলুৱৈয়ে ৪ টা সোণ, ৯ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে মুড ২০ টা পদকেৰে অভিযান সামৰে ।

Leave A Reply