Breaking

নাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

0 76

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিমলুগুৰি আৰক্ষীৰো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে৷

নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰাৰ নেতৃত্বত বিহুবৰ আৰু নাজিৰা আৰক্ষী থানাৰ যৌথ অভিযানত লাকুৱা পঠালিগড় ১ নং কোঁৱৰ গাঁৱৰ দুলু ফুকনৰ বাসগৃহত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই৷ অভিযান কালত বৃহৎ পৰিমাণৰ সন্দেহ জনক মাৰাত্মক ড্ৰাগছ, এখন মাৰুতি (800) AS 04 H 9543, এখন হিৰো হ’ণ্ডা AS 04 Q 2283 নম্বৰৰ মটৰ চাইকেল সহ এগৰাকী যুৱতী আৰু আন তিনি জন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক কেইজনৰ নাম মাধুৰ্য্য দত্ত, ৰোহিত বড়ো আৰু আন জন অমল বুলি জানিব পৰা গৈছে৷ আনহাতে নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে শিৱসাগৰ জিলা বিভিন্ন প্ৰান্তত পৃথকে পৃথকে অভিযান চলাই৷

য’ত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তয়ো সহযোগ কৰে৷ ইতিমধ্যে এই নিষিদ্ধ ড্ৰাগছ সেৱন তথা সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷

Leave A Reply