বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে।(Anti-Terror Message) পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু পৰৱৰ্তী সময়ত ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ পিছত কেন্দ্ৰই প্ৰধান অংশীদাৰ ৰাষ্ট্ৰসমূহলৈ ৭জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। সাংদেৰে গঠিত এই প্ৰতিনিধি দলটোক বিশ্বৰ সন্মুখত ভাৰত স্থিতি “সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা” প্ৰচাৰ কৰাৰ লগতে এই বিষয়ত চৰকাৰে “ৰাষ্ট্ৰীয় সহমত” বুলি কোৱা কথাটো বিশ্বৰ গুৰুত্বপূৰ্ণ দেশ সমূহৰ আগত উপস্থাপন কৰাৰ দায়িত্ব দিয়া হৈছে।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই কূটনৈতিক প্ৰচাৰ চলাইছে য’ত ২৬ জন লোকৰ মৃত্যু হৈছিল। ভাৰতৰ সামৰিক সঁহাৰি অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত আক্ৰম কৰা হৈছিল।
প্ৰতিনিধি দলৰ নেতৃত্ব দিয়া সাংসদসকল কোন?
শশী থাৰুৰ, কংগ্ৰেছঃ শশী থাৰুৰক এই দলত সামৰি লোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰসংগত থাৰুৰৰ বেছ নাম আছে।
ৰবি শংকৰ প্ৰসাদ, বিজেপিঃ প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী তথা বিহাৰৰ পাটনা চাহাবৰ সাংসদ প্ৰসাদ প্ৰতিনিধি দলৰ নেতৃত্ব দিব। চৰকাৰী সূত্ৰৰ উদ্ধৃতি প্ৰসাদ লগতে প্ৰতিনিধি দলটোৱে চৌদি আৰব, কুৱেইট, বাহৰেইন, আৰু আলজেৰিয়াৰ মূল মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছ।
সঞ্জয় কুমাৰ ঝা, জনতা দল (ইউনাইটেড): ৰাজ্যসভাৰ সাংসদ ঝাই জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া, আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব।
বৈজয়ন্ত “জয়” পাণ্ডা, বিজেপি: বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পাণ্ডাই নেতৃত্ব দিব এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইছিকে ধৰি এটা প্ৰতিনিধি দল।
কানিমোজি কৰুণানিধি, ডি এম কেঃ দক্ষিণ ভাৰতৰ একমাত্ৰ সাংসদ যিয়ে প্ৰতিনিধি দলৰ নেতৃত্ব দিছে।
সুপ্ৰিয়া চুলে, এনচিপি (শ্বাৰদ পাৱাৰ ফৈদ): তেওঁ ভাৰতীয় প্ৰবাসী লোকৰ জনসংখ্যা থকা দেশ ওমান, কেনিয়া, দক্ষিণ আফ্ৰিকা, আৰু ইজিপ্তক সামৰি ল’ব।
শ্ৰীকান্ত একনাথ শিণ্ডে, শিৱসেনা (শিন্দে ফৈদ): শ্ৰীকান্ত শিন্দে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ পুত্ৰ। কল্যাণৰ এজন সংসদ সদস্য, সেই আগশাৰীৰ প্ৰতিনিধি দলসমূহৰ ভিতৰত তেওঁ আটাইতকৈ কম বয়সীয়া।
প্ৰতিটো প্ৰতিনিধি দলৰ প্ৰধান লক্ষ্য হৈছে সীমান্তৰ সিপাৰে চলি থকা সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমাজে পাকিস্তানক জবাবদিহি কৰিবলৈ ভাৰতৰ দাবীক শক্তিশালী কৰা। চৰকাৰে পুনৰ কয় যে ভৱিষ্যতে যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধৰ কাৰ্য্য হিচাপে গণ্য কৰা হ’ব।
মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি প্ৰতিটো প্ৰতিনিধি দলে নিজ নিজ গন্তব্যস্থানত জ্যেষ্ঠ বিষয়া, সাংসদ, নীতি প্ৰভাৱশালী লোকসকলক সাক্ষাৎ কৰিব। আলোচনাৰ বিষয়সমূহ হ’ব পহলগাম আক্ৰমণ আৰু ইয়াৰ প্ৰতি ভাৰতৰ সঁহাৰি, সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদ, জম্মু-কাশ্মীৰকলৈ ভাৰতৰ স্থিতি আৰু সন্ত্ৰাসবাদীলৈ পাকিস্তানৰ বিত্তীয় সাহায্য তথা নিৰাপদ আশ্ৰয়স্থল প্ৰদান আদি ।