ডিজিটেল ডেস্কঃ Anubhav Tulsi Passes Away বিশিষ্ট অসমীয়া কবি, অনুবাদক, গল্পকাৰ, চলচ্চিত্ৰ সমালোচক তথা সম্পাদক অনুভৱ তুলসী আৰু নাই। আজি পুৱা ১০টা ৫ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত তেওঁৰ দেহাৱসান ঘটে। ষ্ট্ৰ’কৰ ফলত আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুবৰণ কৰে প্ৰখ্যাত সাহিত্যিক গৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ।
অনুভৱ তুলসী অসমীয়া সাহিত্যক্ষেত্ৰত এক উজ্জ্বল নাম। বিংশ শতিকাৰ অন্তিম দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ জগতখনত তেওঁৰ অৱদান অতুলনীয়। ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি, ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপকৰূপে কৰ্মৰত আছিল।
তেওঁৰ প্ৰথম কবিতাৰ পুথিখন আছিল ‘নাজমা’, আৰু বৰ্তমানলৈকে তেওঁৰ ২০খন কবিতাৰ পুথি প্ৰকাশ পাইছে। ত্ৰিশখনতকৈ অধিক গ্ৰন্থৰ ৰচক অনুভৱ তুলসীৰ বহু কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সন্মানজনক গ্ৰন্থতো তেওঁৰ কবিতা স্থান পাইছে।
তুৰস্কৰ ইস্তানবুল, গ্ৰীচৰ এথেন্স, আমেৰিকাৰ অষ্টিন, আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বিভিন্ন বিশ্ব কবিতা মহোৎসৱত অংশগ্ৰহণৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল। তেওঁৰ কবিতা জাৰ্মান, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈ অনুবাদ কৰা হৈছে।
তেওঁৰ সাহিত্যিক অৱদানৰ স্বীকৃতি হিচাপে লাভ কৰিছে *মুনীন বৰকটকী বঁটা, **কেন্দ্ৰীয় সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বীপ, **অন্তৰ্লিপি সাহিত্য বঁটা, **সাহিত্য জ্যোতি বঁটা, **অসম সাহিত্য সভাৰ শতবৰ্ষীয়া সাহিত্য সন্মান, **অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, *জমিৰুদ্দিন আহমদ বঁটা আদি বহুতো সন্মান।
তেওঁৰ অকাল মৃত্য়ুত অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে।