দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়,১৪,অক্টোবৰ: উজনিৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে জন্মলাভ কৰা দলটোৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাবুৱাৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰি দলটোৱে ৰাজ্যত আঞ্চলিক শক্তি শক্তিশালী কৰিবলৈ সংকল্প গ্ৰহণ কৰে । আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিলে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ ৪০ নেতাই । অসম গণ পৰিষদৰ ৪০ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনটোত দলটোৰ বাবে নিজৰ জীৱন ত্যাগ কৰা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । (Anup Chetia)
ৰাজ্যত আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ সংকল্প ল’বলৈ সকলোকে আহ্বান জনাই অগপৰ নেতৃত্বই। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, সাংস্কৃতিক এনাজৰী কাৰ্যসূচী অনুষ্ঠিত হোৱা পাছতেই অনুষ্ঠিত হ’ল মুকলি সভা। চাবুৱাবাসী ৰাইজৰ সহযোগত আৰু জেৰাই গাঁওবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অগপৰ সভাপতি অতুল বৰা, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফনীভূষণ চৌধুৰী, লগতে দলটোৰ সকলো বিধায়ক, জিলা সমিতিৰ সভাপতি সম্পাদক সকলৰ লগতে দলটোৰ ভাতৃ সংগঠন সমূহৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।
উল্লেখযোগ্য যে, অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া। বিগত কেইবা দিনৰ পৰা চৰ্চা চলিছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আজিৰ দিনটোতে অসম গণ পৰিষদত যোগদান কৰিব । কিন্তু অসম গণ পৰিষদক মুকলি সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ো দলীয় গামোচা নিপিন্ধিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই। আজি আলফা নেতা গৰাকী অগপত যোগদানৰ সৰৱ চৰ্চা চলি থকা সময়তে এই কথা পোনচাটেই নসাৎ কৰে।
বৰ্তমান পৰিস্থিতিত তেওঁ পক্ষে কোনো ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে। তেওঁ অসমত নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনায়। কাৰণ বৰ্তমান সময়ত আন আঞ্চলিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰাটো সহজ নহয়। তেওঁ অগপৰ আমোলৰ গুপ্ত হত্যাৰ বাবেই ৰাইজৰ আস্থা হেৰুৱাইছিল যদিও বৰ্তমানৰ অগপৰ নেতৃত্বই সেই পৰিস্থিতি হ’বলৈ নিদিয়ে । লগতে অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল বুলি মন্তব্য কৰে অনুপ চেতিয়াই।