অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলীৰ প্ৰথমটো সুহৃদ পৰিয়ালৰ অন্যতম হিতৈষী সভ্য, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যা তথা শিক্ষক অনুপ্ৰভা দেৱীলৈ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি নলিনীবালা দেৱীৰ স্মৃতিত স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছে।(Anuprabha Devi)
গুৱাহাটী প্ৰেছ ক্লাবত স্বত্বিকা প্রিয়ম প্রকাশনৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গামোচা, জাপি, মানপত্ৰ, স্মাৰক আৰু স্বদেশ পটভূমি শীৰ্ষক গ্ৰন্থৰে সমাজ-সাহিত্য-শিক্ষাৰ সেৱাত ব্ৰতী অনুপ্ৰভা দেৱীয়ে উক্ত বঁটা গ্ৰহণ কৰে। স্বদেশ পটভূমিৰ মুখ্য সম্পাদক তথা আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাই আদৰণী ভাষণ আগবঢ়োৱা আৰু বিশিষ্ট লেখিকা সুদক্ষিণা ভূঞাই আঁত ধৰা অনুষ্ঠানত বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দীনেশ বৈশ্য, বিশিষ্ট কবি নীলিম কুমাৰ, শিক্ষা বিভাগৰ প্রাক্তন শীর্ষ বিষয়া ড° বীৰেন চন্দ্ৰ বৰা প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁটা গ্ৰহণ কৰি অনুপ্ৰভা দেৱীয়ে গৌৰৱ অনুভৱ কৰাৰ লগতে অনাগত দিনবোৰত দুগুণ উৎসাহেৰে সমাজ-কৰ্মজীৱনত উৎসৰ্গিত হ’বলৈ আশা ব্যক্ত কৰে।
ইফালে, এই বতৰা পাই উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা, পুৰণিবাৰী সমন্বয় শাখা সাহিত্য সভা, বৰিটিকা প্ৰাথমিক বিদ্যালয় প্ৰমুখ্যে বহু সংখ্যক ব্যক্তি-সংগঠনে বঁটা প্ৰাপক দেৱীক শুভেচ্ছা-অভিনন্দন জ্ঞাপন কৰিছে।।