তিনিজনীয়া তদন্ত কমিটী গঠন কৰিলে APCC-য়ে, কি কি বিষয়ত চলিব তদন্ত? টিকটৰ নামত ধনৰ লেনদেন !APCC

গুৱাহাটী: পঞ্চায়ত নিৰ্বাচনৰ টিকট বিতৰণ সন্দৰ্ভত ধনৰ লেনদেন, দুৰ্নীতি, আৰু দলৰ ভিতৰুৱা খেলিমেলিৰ দৰে গুৰুতৰ অভিযোগৰ প্ৰেক্ষাপটত, অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)‌-য়ে গঠন কৰিছে এখন উচ্চ ক্ষমতা সম্পন্ন তিনিজনীয়া তদন্ত কমিটী। এই পদক্ষেপৰ জৰিয়তে দলটোৱে স্বচ্ছতা, শৃঙ্খলা আৰু জবাবদিহিতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰমাণ কৰিছে।

এই তদন্ত কমিটীখনৰ নেতৃত্বত থাকিব প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ। তেওঁৰ সৈতে সদস্য হিচাপে থাকিব আৰ পি শৰ্মা আৰু ববিতা শৰ্মা। উল্লেখযোগ্য যে, এই সম্পূর্ণ তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত AICC‌-য়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

কমিটীখনে তদন্ত কৰিব তলত দিয়া বিষয়সমূহত:

  • পঞ্চায়ত নিৰ্বাচনৰ টিকটৰ নামত ধনৰ লেনদেনৰ অভিযোগ
  • টিকট বিতৰণত অনিয়ম
  • বিৰোধী প্ৰাৰ্থীক ইচ্ছাকৃতভাৱে ৱাক-অভাৰ দিবলৈ বাধ্য কৰা
  • মনোনয়নৰ অস্পষ্ট প্ৰত্যাহাৰ
  • দলবিরোধী কাৰ্যকলাপ

কমিটীখনে দলৰ ভিতৰত উঠা সকলো অভিযোগৰ পুঙ্খানুপুঙ্খ তদন্ত কৰি, বিশদ প্ৰতিবেদন AICCৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আৰু APCC সভাপতি‌ৰ ওচৰলৈ দাখিল কৰিব। এই প্ৰতিবেদন জমা দিয়াৰ অন্তিম সময়সীমা ২০২৫ চনৰ ৭ মে’

APCC‌-এ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে যে, তদন্তত দোষী পোৱা যিকোনো দলীয় ব্যক্তি বা নেতা কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।

Related Articles