Breaking

গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্টত স্পষ্টীকৰণ APDCL ৰ…

0 134

উৰহী গছৰ ওৰ উলাল, গৰিমাৰ ফেচবুক পোষ্টত স্পষ্টীকৰণ APDCLৰ
বিদ্যুতৰ নামত কোনোধৰণৰ বৰ্ধিত মাচুল পৰিশোধ কৰিব লগা হোৱা নাই গৰিমা শইকীয়া গাৰ্গেঃ APDCL

শেহতীয়াকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি অহা বিষয়টোক লৈ সৰব চৰ্চা চলিছে সমগ্ৰ ৰাজ্যতে। বিদ্যুতৰ বিল বেছি অহাক লৈ ডিজিটেলী আক্ষেপ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰো। কালি গৰিমা গাৰ্গৰ এটা ফেচবুক পোষ্টৰ পাছতেই অধিক চৰ্চা লাভ কৰিছে বিদ্যুতৰ বিল বেছি অহা বিষয়টো।

সামাজিক মাধ্যম তথা ফেচবুকত গৰিমা গাৰ্গে এনেদৰে উল্লেখ কৰে যে, ‘যোৱা মাহত ১০,৫০০… এই মাহৰ প্ৰথম ৫ দিনত ২০০০… মানে মাহৰ শেষলৈ ১২,০০০। বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট ফেনো বন্ধ থাকে। আমাৰ ওচৰত ডাঙৰ গছো নাই।’

গৰিমা শইকীয়া গাৰ্গৰ এই বিশেষ পোষ্টৰ পাছতেই অধিক চৰ্চা লাভ কৰে বিষয়টোৱে। এক প্ৰকাৰ কমেণ্টৰ বৰষুণ হয় তেওঁৰ পোষ্টটোত। কিন্তু এতিয়াহে উৰহী গছৰ ওৰ উলাল। গৰিমা শইকীয়া গাৰ্গৰ উক্ত পোষ্টটোতে বিদ্যুৎ বিভাগে এটা স্পষ্টীকৰণ প্ৰকাশ কৰে। কমেণ্ট যোগে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড কয় যে, ‘হেল্লো মেডাম, আমি আমাৰ ৰেকৰ্ড পৰীক্ষা কৰিছো আৰু লক্ষ্য কৰিছো যে আপোনাৰ এপ্ৰিল মাহৰ প্ৰিপেইড বিলৰ পৰিমাণ আছিল ৬,০৯৮ টকা আৰু মে মাহৰ প্ৰিপেইড বিলৰ পৰিমাণ আছিল ৬,৪৫৯ টকা। অৱশ্যে, আপুনি এপ্ৰিলত কোনো ৰিচাৰ্জ কৰা নাছিল, সেয়েহে মে’ মাহত আপুনি দুমাহৰ বাবে ৰিচাৰ্জ কৰিব লগা হৈছিল, যাৰ ফলত অধিক বিল পৰিশোধ কৰিব লগা হৈছিল। অনুগ্ৰহ কৰি আপোনাক এনে পৰিস্থিতি পৰিহাৰ কৰিবলৈ নিয়মীয়াকৈ ৰিচাৰ্জ কৰিবলৈ অনুৰোধ জনাইছো।’

বিভাগীয় স্পষ্টীকৰণটোৰ পৰা এই কথাটো নিশ্চিত হৈছে যে, বিদ্যুতৰ নামত কোনো ধৰণৰ বৰ্ধিত মাচুল পৰিশোধ কৰিব লগা হোৱা নাই গৰীমা গাৰ্গে। বৰঞ্চ বিদ্যুত খৰচ কৰাৰ নামত দিব লগা ধন ৰাশি নিয়মীয়াকৈ দিয়া নাছিল তেওঁলোকে। বিদ্যুতৰ বিলৰ নামত অধিক ধন দিব লগা হৈছে বুলি এক প্ৰকাৰ মিথ্যাছাৰৰ আশ্ৰয় লোৱা নাই নে গৰিমা শইকীয়াই গাৰ্গে। সামাজিক মাধ্যমত এনে বিষয় এটা উত্থাপন কৰাৰ আগতে কিয় এনে হৈছে তাৰ কাৰণ ভালদৰে পৰীক্ষা কৰি নাছালে তেওঁ। যিহেতু তেওঁলোকৰ দৰে লোকৰ যথেষ্ট অনুৰাগী আছে। তেনেক্ষেত্ৰত অনুৰাগীসকলক এনে কথা কোৱাৰ আগত নিজৰেই কিবা কৰণীয় ৰৈ গৈছে নেকি এবাৰ ভাবি চোৱা হ’লে নিশ্চয় এই বিষয়টো উত্থাপন নহ’লহেঁতেন। বিভাগৰ স্পষ্টীকৰণৰ পিছত এইটো প্ৰমাণ হৈছে যে, তেওঁ নিজৰ লাখ লাখ অনুৰাগীৰ ওচৰত এক প্ৰকাৰ মিছা মাতিলে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰকাশ কৰা এই স্পষ্টীকৰণটোৰ পিছত এতিয়া কি মন্তব্য আগবঢ়ায় জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সেয়া লক্ষ্যণীয় হ’ব।

Leave A Reply