‘আসাম প্ৰেছ ক’ৰেছপণ্ডেছ ইউনিয়ন’ চমুকৈ “আপকু”ৰ ৩২(Apko) সংখ্যক প্ৰতিষ্ঠা দিৱসটি নগাঁও জিলা সমিতিৰ উদ্যোগত আজি বিভিন্ন কাৰ্যসূচীৰে উৰিয়াগাঁৱত উদযাপন কৰা হয়। উৰিয়াগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত অন্যান্য কাৰ্যসূচীৰ লগতে বিয়লি অনুষ্ঠিত হোৱা এক সভাত জিলাখনৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি ক্ষেত্ৰৰ লগত জড়িত আঠগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
“আপকু”ৰ নগাঁও জিলা সমিতিৰ সভাপতি অপূৰ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট কালী বাদক ভীমেশ্বৰ মুদৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যশিল্পী জীৱন চন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ফজলুল হক মৰল, বিশিষ্ট সমাজসেৱক, প্ৰবীণ অভিনেতা নৰেন্দ্ৰ নাথ বৰা, ৰাষ্ট্ৰসংঘৰ স্থায়ী সামাজিক প্ৰতিনিধি পংকজ জ্যোতি হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰশিক্ষক, বিচাৰক তথা ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰা, ভাস্কৰ্য শিল্পী পংকজ মহন্ত, সমাজসেৱক শৰৎ চন্দ্ৰ বৰা (মিলন)ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
“আপকু”ৰ নগাঁও জিলা সমিতিৰ সম্পাদক সমৰেন্দ্র নাৰায়ণ বৰাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যক্ষা, লেখিকা ৰিণ্টু দাস, বিশিষ্ট নাট্যকাৰ,পৰিচালক, অভিনেতা কমলেশ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক থুলেশ্বৰ শইকীয়া, বিশিষ্ট শিল্পী, কবি, লেখক গোলাপ বৰাই অংশগ্ৰহণ কৰে। সভাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ (দৌৰবিদ) পাহী কেওটক ফুলাম গামোচাৰে “আপকু”ৰ জিলা সমিতিৰ তৰফৰ সম্ভাষণ জনোৱা হয়।সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাসে কৃতী খেলুৱৈ পাহী কেওটক ব্যক্তিগতভাৱে পাঁচ হেজাৰ টকা প্ৰদান কৰি আৰ্থিক দিশত সহায় কৰিব বুলি ভাষণত উল্লেখ কৰে।সভাত সম্বৰ্ধিত কে’বাগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি “আপকু”য়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লোৱা এনে পদক্ষেপৰ শলাগ লয়।
তদুপৰি সভাত আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি অপূৰ্ব হাজৰিকাই ভাষণত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পাহী কেওটক অহা ৯ মে’ত বঢ়মপুৰৰ ৰাংঢালী ব’হাগী উৎসৱৰ অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব বুলি ভাষণত উল্লেখ কৰাৰ উপৰিও উক্ত অনুষ্ঠানতে খেলুৱৈগৰাকীক পাঁচ হেজাৰ টকা প্ৰদান কৰি আৰ্থিকভাৱে সকাহ দিব বুলি মন্তব্য কৰে। একেদৰে, “আপকু”ৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰাও খেলুৱৈগৰাকীক আৰ্থিক ভাৱে সহায় কৰা হ’ব বুলি সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাই ঘোষণা কৰে।
সভাত বিশিষ্ট লেখক নবীন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, লেখিকা বৈজয়ন্তী খাউণ্ড, সমাজকৰ্মী কিৰণ কুমাৰ নেওগ, নাট্যকৰ্মী পদুম বৰুৱা, দেবেন বৰা, “আপকু”ৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বাশ্বাৰ উল্লাহ মুজাদাদ্দি, সহকাৰী সম্পাদক নিপুল বৰা, জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়া, জয়ন্ত বৰা, খাইৰুল ইছলাম, বৰুণ জ্যোতি নেওগ, সুৰজ কুমাৰ বৰা, ৰিতু নেওগ, হিমাংশু বৰা, ৰাজ জ্যোতি দাস, গাঁওপ্ৰধান নিপাংকৰ শইকীয়া, পদ্ম হাজৰিকা, জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে।

