এম পি একাডেমীত নেটৱৰ্কিং ছাইটৰ বিষয়ে সজাগতামূলক অভিযান

সম্প্ৰতি ভয়াৱহ ৰূপত বৃদ্ধি পোৱা ছাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে মহানগৰীৰ এম পি একাডেমীত কে. ই. আই. ওৱায়াৰ এণ্ড কেবলছ্’ৰ উদ্যোগত এখনি সজাগতামূলক অভিযান অনুস্থিত হয়। ইতিমধ্যে দেশৰ আন আন চহৰৰ লগতে গুৱাহাটীসহ মুঠ পাঁচখন মহানগৰীত অনুস্থিত কৰা “সংকল্প যাত্ৰা” শীৰ্ষক সজাগতামূলক অভিযানটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত বিভিন্ন নেটৱৰ্কিং ছাইট, ছ’চিয়েল মিডিয়া আদিৰ জৰিয়তে কেনেদৰে ছাইবাৰ অপৰাধ তথা সামাজিক মাধ্যমসমূহৰ দুপ্ৰয়োগ কৰি অসাধু চক্ৰই প্ৰবঞ্চনাৰ জাল পেলাব পাৰে সেই সকলো দিশ সামৰি এই অভিযান হাতত লৈছে প্ৰতিষ্ঠানটোৱে। বৃহস্পতিবাৰৰ এই সজাগতামূলক অভিযানত মুখ্য অতিথিৰূপে উপস্থিত থাকে এন আই চি’ ৰ জ্যেষ্ঠ বৈজ্ঞানিক অৰবিন্দ দত্ত, এম পি একাডেমীৰ সঞ্চালক শ্বাহীদ আনচাৰী, কেইআই’ ৰ অসম তথা উত্তৰ-পূৱৰ প্ৰবন্ধক ৰুবুল গগৈ, কেইআই’ ৰ পূৰ্বাঞ্চলৰ মাৰ্কন হেড জাহিদ হুছেইনৰ লগতে প্ৰতিষ্ঠানটোৰ বিভিন্ন কৰ্মকৰ্তা। উল্লেখ্য যে সজাগতামূলক অভিযানটোৰ মাজতেই এম পি একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে এখনি বাটৰ নাটো মঞ্চস্থ কৰে।

Related Articles