Breaking

এপ’ল’ হস্পিতাল চেন্নাইৰ ভাৰতৰ প্ৰথমটো সফল ৰ’বটিক Retroauricular Hair- line Incisionৰ সহায়ত আঘাতবিহীন অস্ত্ৰোপচাৰ সম্পন্ন

0 122

এপ’ল হস্পিতাল চেন্নাইয়ে এগৰাকী ৪৯ বছৰীয়া মহিলাৰ Salivary glandত হোৱা ৮ ছে.মি. আকাৰৰ বৃহৎ টিউমাৰ ৰ’বটৰ সহায়ত বিস্তৃত আঘাত অবিহনে সফল অস্ত্ৰোপচাৰৰ কৰি উঠাবলৈ সক্ষম হয়। এনে ধৰণৰ অস্ত্ৰোপচাৰ ভাৰতত প্ৰথম। এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ ভেংকট কার্থিকেয়ন চি., এপ’ল হস্পিতালৰ হেড্‌ এণ্ড নেক অঙ্ক’লজি, ৰ’বটিক চাৰ্জন, গ্ৰীম্‌চ ৰোড, চেন্নাই।

তেখেতে ১২৫ টা এনে ধৰণৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। এই গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰি ডাঃ ভেংকট কার্থিকেয়নে কয়- মহিলাগৰাকীয়ে ডিঙিৰ সোঁফালে দৃশ্যমান হোৱা এটা বৃহৎ আকাৰৰ টিউমাৰ লৈ এপ’ল হস্পিতালত উপস্থিত হৈছিল।

দেশত প্ৰথমবাৰৰ বাবে ডিঙিত কোনো আঘাত দৃশ্যমান নোহোৱাকৈ submandibular gland (অৱঅধোহনুজ গ্রন্থিত হোৱা ৮ ছে.মি. আকাৰৰ টিউমাৰ উঠাবলৈ এনেধৰণৰ ৰ’বটিক Retroauricular Hairline Incision (পূর্ব অৰিকুল ক্ষেত্ৰৰ অতি সুক্ষ্ম আঘাত)ৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।


ৰ’বটিক মূৰ আৰু ডিঙিৰ অস্ত্ৰোপচাৰ বিশেষকৈ নাক-কাণ-ডিঙি (ENT) ক্ষেত্ৰখনত প্ৰচাৰিত যাক Trans Oral Robotic Surgery (TORS) বুলি আখ্যা দিয়া হয় যিটো অস্ত্ৰোপচাৰ সাধাৰণতে ডিঙিৰ কৰ্কট ৰোগৰ বাবে আৰু Retroauricular Hairline incision (RAHI ) বিস্তৃত কটা আঘাত অবিহনে ডিঙিৰ টিউমাৰ অপসাৰন কৰিবলৈ প্ৰয়োগ কৰা হয়।

এই পদ্ধতিত এন্দোস্কপিক অস্ত্ৰোপচাৰ মেগনিফিকেচন (আৱৰ্দ্ধন) কৰি সম্পন্ন কৰা হয় আৰু কোনো আঘাতৰ চিন দেখা পোৱা নাযায় বুলি ডাঃ ভেংকট কার্থিকেয়নে প্ৰকাশ কৰে।


এনে ধৰণৰ অস্ত্ৰোপচাৰ সাধাৰণতে ডিঙিৰ টিউমাৰ, থায়ৰয়দ গ্ৰন্থিৰ টিউমাৰ, ডিঙি কেন্সাৰ, মুখত অথবা দাঁতৰ হনুত হোৱা টেমুনা, মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত ভূগি থকা ডেকা আৰু সমাজত সক্রিয়ভাৱে জড়িত লোকসকলৰ বাবে এক আদর্শ স্বৰূপ।

Leave A Reply