হোটেল ভিভাণ্টাত এপ’ল’ মাল্টি স্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষৰ হৃদৰোগ চিকিৎসাৰ নতুন পদ্ধতি সন্দৰ্ভত ব্যাখ্যা

এপ’ল মাল্টিস্পেচিয়েলিটি হস্পিতাল কলকাতাই শনিবাৰে তেওঁলোকৰ ৪০০০ নূন্যতম ব্যাপক হৃদযন্ত্ৰৰ শল্য চিকিৎসা (Minimally Invasive Cardiac Surgery (MICS))ৰ সফল অস্ত্রোপচাবৰ আৰু ইয়াৰ সুবিধাৰ কথা ঘোষণা কৰে। MICS হ’ল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ এক নতুন পদ্ধতি য’ত একাধিক সুবিধা উপলব্ধ। পৰম্পৰাগত অপেন হার্ট চাৰ্জাৰীত ৮-১০ ইঞ্চি ফুটা কৰাৰ পৰিৱর্তে এই পদ্ধতিত ১.৫-৩ ইঞ্চি কটাৰহে প্রয়োজন হয়। MICS কম বেদনাদায়ক আৰু মাৰ চিন প্রায় নাথাকে। এই পদ্ধতিত ৰোগী কম সময়ৰ ভিতৰতে আৰোগ্য হৈ উঠে আৰু সোনকালে ঘৰলৈ উভতি সাধাৰণ জীৱন যাপন কৰিব পাৰে।

আগতে পৰম্পৰাগত অপেন হার্ট চার্জাৰীয়ে আছিল CABG (ক’ব নাৰী আৰ্টাৰী বাইপাছ গ্রাটিং), ভাল্ভ মেৰামতি, ভাল্ভ সংস্থাপন, হৃদযন্ত্ৰৰ ফুটা আদিৰ একমাত্ৰ সমাধান।

এই বিশেষ হৃদযন্ত্রৰ অস্ত্ৰোপচাৰ বিশেষ ধৰণৰ উন্নতমানৰ যন্ত্ৰপাতিৰ সহায়ত কৰা হয় । ভাৰতত ১৪.৫ শতাংশ মৃত্যুৰ কাৰণ হৈছে হাৰ্ট এটেক আৰু হৃদযন্ত্ৰৰ ৰোগত ভূগা ৰোগীসকলৰ বাবে এই বিশেষ (MICS) পদ্ধতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিব আৰু লগতে হাৰ্ট এটেকত হোৱা মৃত্যুৰ পৰিসংখ্যা নিশ্চয়কৈ হ্ৰাস কৰিব।

এপ’ল মাল্টিস্পেচিয়েলিটি হস্পিতাল কলকাতাৰ সঞ্চালক তথা কাৰ্ডিঅ’ থ’ৰাচিক ভাস্কুলাৰ চাৰ্জন ডাঃ সুশান মুখোপধ্যায় এ কয় ‘নূন্যতম ব্যাপক হৃদযন্ত্ৰৰ শল্য চিকিৎসা (MICS) ই ইয়াৰ ধনাত্মক গুণসমূহৰ বাবে ৰোগীক অতিমাত্রা সুফল দেখুৱাবলৈ সক্ষম হৈছে। ফলত ৰোগীয়ে ২-৩ সপ্তাহতে কৰ্মত যোগদান কৰিব পাৰে আৰু ৩ মাহৰ ভিতৰতে সাধাৰণ জীৱন- যাপন কৰিব পাৰে। ই ৰোগীক বেদনা আৰু সময়ৰ অপচয় দুয়োটাৰ পৰা ৰক্ষা কৰে। যোৱা দশকৰ পৰা আমি ৪০০০ৰো অধিক MICS কৰ’নাৰী আৰ্টাৰী বাইপাছ গ্ৰাফ্‌টিং সম্পন্ন কৰিছো।’

হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ভিতৰত বাইপাচ চাৰ্জাৰী, ভাল্ভ পুনৰ সংস্থাপন, হৃদযন্ত্ৰত থকা ফুটা বন্ধ কৰা, হৃদযন্ত্ৰৰ টিউমাৰ উঠাই দিয়া, পেচ মেকাৰ সংস্থাপন আৰু অন্যান্য অস্ত্ৰোপচাৰসমূহৰ প্রায় ৯৫ শতাংশ MICS পদ্ধতিৰ দ্বাৰা কৰা হয়। এই পদ্ধতি আনকি ৮০-৯০ বছৰ বয়সৰ লোক অথবা অন্য জটিল ৰোগত আক্রান্ত লোকৰ ক্ষেত্ৰতো নিৰাপদ দেখা যায়।

নুন্যতম ব্যাপক হৃদযন্ত্ৰৰ শল্য চিকিৎসা (MICS)ৰ পৰম্পৰাগত অপেন হার্ট চাৰ্জাৰীতকৈ ভালেখিনি সুবিধা উপলব্ধ

  • নিৰাপদ অস্ত্ৰোপচাৰৰ বাবে উন্নতমানৰ যন্ত্ৰ-পাতি আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োগ।
  • কোনো হাড় কটা নহয়।
  • এই প্ৰক্ৰিয়াত ৰক্তক্ষৰণ প্ৰায় নহয়, মাত্র ২-৩ ইঞ্চিৰ ফুটা কৰা হয় আৰু মাত্ৰ এসপ্তাহতে হস্পিতালৰ পৰা ঘৰলৈ যাব পাৰে।
  • আঘাত সংক্রান্তীয় সংক্রমণ বা অস্ত্ৰোপচাৰৰ পিছত হাওফাওঁত হোৱা সংক্রমণ কমায়।
  • ডায়েবেটিছ বা সংক্ৰমণৰ আশংকা থকা ৰোগীৰ বাবে এই অস্ত্ৰোপচাৰ আদৰ্শমূলক।

Related Articles