বিমানত জৰুৰীকালীন আসন নিদিয়াৰ বাবে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছিল নয়ডাৰ বাসিন্দা অপূৰ্বা মুখিজা।(Apoorva Mukhija) ২০২০ চনত ৰিলৰ আৰম্ভ কৰা অপুৰ্বাৰ বৰ্তমান ৪০ লাখতকৈ অধিক ইনষ্টা ফ’ল’ৱাৰ আছে। ছ’চিয়েল মিডিয়াৰ পৰা উপাৰ্জনৰ জৰিয়তে ৪১ কোটিৰ সম্পত্তি গঢ়ি তুলিছে এইগৰাকী যুৱতীয়ে।
ছ’চিয়েল মিডিয়াত কন্টেন্ট তৈয়াৰ কৰা অপূৰ্বা মুখিজাক ‘দ্য ৰেবেল কিড’ বুলিও জনা যায়। ক’ভিডৰ পৰা এতিয়ালৈকে পাঁচ বছৰত অপূৰ্বাই যি স্থিতি লাভ কৰিছে সেয়া প্ৰশংসনীয়। তাইৰ প্ৰকৃত উপাৰ্জন ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন আৰু ব্ৰেণ্ড সহযোগিতাৰ পৰা আহে। সংবাদ মাধ্যমৰ বাতৰিত তেওঁৰ নেট ৱৰ্থৰ বিষয়ে বিভিন্ন তথ্য দিয়া হৈছে। শেহতীয়াকৈ ২০২৫ চনৰ জুন মাহৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁৰ সম্পত্তি ৪১ কোটি টকালৈ বৃদ্ধি পাইছে। এক প্ৰতিবেদনত কোৱা হৈছে যে অপুৰ্বাই প্ৰতিদিনে ২.৫ লাখ টকা উপাৰ্জন কৰে। আনহাতে এটা ৰিপৰ্টৰ অনুসৰি প্ৰতি ৩০ ছেকেণ্ডৰ ইনষ্টা ষ্ট’ৰীৰ পৰা তাই ২ লাখ টকা আৰু এটা ৰিলৰ পৰা ৬ লাখ টকা উপাৰ্জন কৰে। আন এক খবৰ অনুসৰি ইনষ্টাগ্ৰামত প্ৰতিটো পোষ্টৰ বাবে ২ৰ পৰা ৫ লাখ টকা লয়। ইউটিউবৰ জৰিয়তে মাহে ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে। ব্ৰেণ্ড ডিলৰ পৰা প্ৰতিটো ব্ৰেণ্ডৰ বাবে ১০ লাখ টকা লয়।
ডিজিটেল ক্ষেত্ৰখনত অপূৰ্ব মুখিজাই এক বিশেষ স্থান দখল কৰিছে। ক’ভিড-১৯ লকডাউনৰ সময়ত হাস্যৰসময়ী ভিডিঅ’ বনাই আৰম্ভ কৰা অপূৰ্বাই আজি ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ১৯৯৮ চনত দিল্লীত জন্মগ্ৰহণ কৰা অপূৰ্বাই জয়পুৰৰ মণিপাল বিশ্ববিদ্যালয়ৰ পৰা বি.টেক (কম্পিউটাৰ ইঞ্জিনিয়াৰিং) কৰিছে। কিছুমান সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ আছে যে তেওঁৰ জন্ম নয়ডাত হৈছিল। ২০২০ চনৰ লকডাউনৰ সময়ছোৱাত হাস্যৰসময়ী, স্পষ্টবাদী ভিডিঅ’ আৰু চুটি ব্লগ পোষ্ট কৰি ডিজিটেল ব্যৱহাৰকাৰীৰ মাজত স্থান লাভ কৰিছিল।
ইনষ্টাগ্ৰাম আৰু ইউটিউবত তেওঁৰ অনুৰাগী দ্ৰুতগতিত বৃদ্ধি পাইছে। অনাইক, ৱানপ্লাছ, নেটফ্লিক্স, আমাজন, গুগল, মেটা, মেবেলাইন, কেট স্পেড আৰু ছুইগিৰ দৰে ১৫০টাতকৈও অধিক ডাঙৰ ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ উপৰিও ৱেব ছিৰিজতো কাম কৰি আহিছে। ফৰ্বছে ২০২৩ আৰু ২০২৪ চনত তেওঁক ‘শীৰ্ষ ১০০ ডিজিটেল ষ্টাৰ’ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল অপূৰ্বাক।