Breaking

দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

0 41

গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (GUCDOE)ৰ অধীনত নতুন শৈক্ষিকবৰ্ষৰ বাবে দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীত (ONLINE MODE) নামভৰ্তিৰ বাবে আবেদনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিজ্ঞান- এই চাৰিটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া অহা ৪ জানুৱাৰী ২০২৪ৰ পৰা আৰম্ভ হ’ব বুলি শিক্ষাকেন্দ্ৰৰ সঞ্চালক ড০ দেৱহৰি তালুকদাৰে জানিবলৈ দিয়ে ।

এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ বা ইয়াৰ অন্যান্য অধ্যয়নকেন্দ্ৰ, নতুবা GUCDOE ৱেবছাইট- www.gucdoe.in ৰ পৰা সৱিশেষ তথ্য লাভ কৰিব পাৰিব । অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে ৮৮১১০৯২৬৮৮, ৮৮১১০৯২৬৭৯, ৮৮১১০৯২৬৯৩ ত যোগাযোগ কৰিব পাৰিব ।

Leave A Reply