বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ডীমাকুছি টতলাপাৰা গাঁৱৰ নিবাসী সঞ্জয় বড়ো ২০০৫ চনৰ পৰা আৰ্চাৰী খেলৰ প্ৰসিক্ষণৰে প্ৰায় ২০০৮ চনত কোকৰাঝাৰ চাই কেন্দলৈ বাছনি হোৱা সঞ্জয় বড়োয়ে ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেল প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সোণাৰ পদক বুটলিবলৈ সক্ষম হোৱা সঞ্জয় বড়োয়ে ক্ৰমান্বয়ে ১০ খনকৈ অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেলত অংশগ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষলৈ এটাৰ পিছত এটা সোণাম কঢ়িয়াই আনিবলৈ সক্ষমহোৱা অসমৰ আন এগৰাকী পৰিশ্ৰমী খৈলুৱৈ ।হীমা দাস আৰু লাভলিনাৰ পিছত বিটিআৰ অসমৰ আন দুগৰাকী শ্ৰেষ্ঠ খেলুৱৈ সঞ্জয় বড়ো আৰু যুমনা বড়োক অসম চৰকাৰৰ কেবিনেট সিধান্ত মৰ্মে চৰকাৰীত নিয়োগ কৰা হ’ব।সেই মৰ্মে আপকাৰী বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি পদৰ ঘোষণাৰ পিছত সমগ্ৰ বিটিআৰ বাসীৰ লগতে সঞ্জয় বড়োৰ পৰিয়াল লোকে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে।সঞ্জয় বড়ো, যুমনা বড়োৰ দৰে অসমত থকা আন আন পৰিশ্ৰমি খেলুৱৈ সকলকো চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাই।


