Breaking

নতুন শিক্ষানীতি ২০২০ত অনুমোদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ

0 1,507

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰীসভাই নতুন শিক্ষানীতি ২০২০ত অনুমোদন কৰিছে ৷ উল্লেখ্য যে ভাৰতত ৩৪ বছৰৰ পাচত শিক্ষা নীতি সলনি হ’ল ৷ ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সলনি হৈছিল ৷ এইবাৰৰ শিক্ষানীতিত বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে৷ ইয়াৰে পাঁচ বছৰ প্ৰাথমিক হিচাপে হ’ব ৷ সেয়া হ’ল, নাৰ্চাৰী ৪ বছৰত, জুনিয়ৰ কেজি ৫ বছৰত, ছিনিয়ৰ কেজি ৬ বছৰত, প্ৰথম শ্ৰেণী ৭ বছৰত, দ্বিতীয় শ্ৰেণী ৮ বছৰ বয়সত হ’ব৷ তিনি বছৰ প্ৰস্তুতিমূলক হ’ব ৷ সেই অনুসৰি, তৃতীয় শ্ৰেণী ৯ বছৰত, চতুৰ্থ শ্ৰেণী ১০ বছৰত, পঞ্চম শ্ৰেণী ১১ বছৰত হ’ব৷ তদুপৰি ৩ বছৰ মজলীয়া হ’ব ৷ সেয়া হ’ল, ১২ বছৰত ষষ্ঠ শ্ৰেণী, ১৩ বছৰত সপ্তম শ্ৰেণী, ১৪ বছৰত অষ্টম শ্ৰেণী হ’ব ৷ আনহাতে ছেকেণ্ডাৰী পৰ্যায় হ’ব চাৰি বছৰৰ ৷ সেই অনুসৰি, নৱম শ্ৰেণী ১৫ বছৰত, দশম শ্ৰেণী ১৬ বছৰত, একাদশ শ্ৰেণী ১৭ বছৰত আৰু দ্বাদশ শ্ৰেণী ১৮ বছৰত হ’ব ৷ এইখিনিতে গুৰুত্বপূৰ্ণ যে কেৱল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাহে ব’ৰ্ডৰ হ’ব ৷ মহাবিদ্যালয়ৰ ডিগ্ৰী চাৰি বছৰীয়া হ’ব ৷ দশম শ্ৰেণীৰ পৰীক্ষা ব’ৰ্ডৰ নহয় ৷ উল্লেখ্য যে এম ফিল ডিগ্ৰী বন্ধ কৰা হৈছে ৷ মন কৰিব লগা যে জেএনইউৰ দৰে শিক্ষানুষ্ঠানত এম ফিলৰ বাবে ৪৫ৰ পৰা ৫০ বছৰীয়া ছাত্ৰ-ছাত্ৰী বহু বছৰ ধৰি থাকি লয় ৷ এই সকলো বিতর্কিত বামপন্থী মতাদর্শৰ ছাত্ৰ-ছাত্ৰী এখন শিক্ষানুষ্ঠানৰ পৰা আঁতৰ কৰা হ’ব ৷ এতিয়া পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা, স্থানীয় ভাষা আৰু ৰাষ্ট্ৰীয় ভাষাত শিক্ষা গ্ৰহণ কৰিব ৷ আন বিষয়বোৰ যদি সেইবোৰ ইংৰাজী হয়, বিষয় মতে শিকিব পাৰিব ৷ মাত্ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰহে ব’ৰ্ডৰ পৰীক্ষা হ’ব ৷ আগতে যিদৰে দশম শ্ৰেণীৰ পৰীক্ষা বাধ্যতামূলক আছিল এতিয়া সেয়া নহ’ব ৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পৰীক্ষা ষান্মাষিক হ’ব ৷ বিদ্যালয় পৰ্যায় হ’ব ৫ + ৩ + ৩ + ৪ সূত্ৰত ৷ মহাবিদ্যালয়ৰ ডিগ্ৰী ৩ আৰু ৪ বছৰ পাঠ্যক্ৰমত হ’ব ৷ স্নাতকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত ডিপ্লোমা, তৃতীয় বৰ্ষত ডিগ্ৰী প্ৰদান কৰা হ’ব ৷ যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ নকৰে তেওঁলোকক ৩ বছৰত ডিগ্ৰী দিয়া হ’ব ৷ একে সময়তে উচ্চ শিক্ষা গ্ৰহণকাৰী শিক্ষার্থীৰ ৪ বছৰত ডিগ্ৰী অর্জন কৰিব ৷ চাৰি বছৰীয়া ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰীয়ে এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে যোগ্যতা পাব ৷ এতিয়া শিক্ষাৰ্থীয়ে এম ফিল কৰিব নালাগে ৷ বৰং শিক্ষাৰ্থীয়ে পিএইচডি ডিগ্ৰী কৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ মাজতে শিক্ষাৰ্থীয়ে আন কৰ্চ কৰিব পাৰিব ৷ উচ্চ শিক্ষাত ২০৩৫ চনৰ ভিতৰত মুঠ তালিকাভুক্তৰ অনুপাত ৫০ শতাংশ হ’ব ৷ একে সময়তে, নতুন শিক্ষানীতি ২০২০ৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে কৰ্চৰ মাজতে আন কৰ্চলৈ যাব পাৰিব ৷ তেতিয়া তেওঁ প্ৰথম কৰ্চৰ পৰা সীমিত সময়ৰ বাবে বিৰতি লৈ দ্বিতীয় কৰ্চ কৰিব পাৰিব ৷ উচ্চ শিক্ষাত বহু সংস্কাৰ কৰা হৈছে ৷ উন্নতিৰ জৰিয়তে গ্ৰেড একাডেমি, প্রশাসনিক আৰু আর্থিক স্বায়ত্তশাসন ইত্যাদি অন্তর্ভুক্ত কৰা হৈছে ৷ ইয়াৰ উপৰি আঞ্চলিক ভাষাত ই-কৰ্চ আৰম্ভ কৰা হ’ব ৷ ভাৰ্চুৱেল পৰীক্ষাগাৰ উন্নয়ন কৰা হ’ব৷ এটা নেচনেল এডুকেচনেল ছায়েণ্টিফিক ফ’ৰাম আৰম্ভ কৰা হ’ব ৷ উল্লেখ্য যে দেশত প্ৰায় ৪৫ হাজাৰ মহাবিদ্যালয় আছে ৷ সকলো চৰকাৰী, বেচৰকাৰী, ডীমড শিক্ষানুষ্ঠানত ইউনিফৰ্মৰ নিয়ম থাকিব ৷ এই নতুন শিক্ষানীতি বিধি ২০২০ অনুসৰি, নতুন শৈক্ষিক বছৰ আৰম্ভ কৰা হ’ব পাৰে আৰু সকলো শিক্ষার্থী আৰু অভিভাৱকক এই বাৰ্তা সাৱধানে পঢ়িবলৈ আহ্বান জনাইছে ৷

Leave A Reply