Breaking

কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। দেশত স্হাপনশ হব “মেৰা যুৱ ভাৰত”…

0 39

দেশৰ যুৱক-যুৱতী সকলক বিশেষ ভাবে উপকৃত কৰাৰ উদ্যেশ্যে স্হাপন হব ” মেৰা যুৱ ভাৰত” নামেৰে এক স্বতন্ত্ৰ সংন্হা। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এই স্বতন্ত্ৰ সংন্হা স্হাপনৰ বাবে অনুমোদন দিয়ে। এই সংন্হাৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য হৈছে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী নীতিৰ আধাৰত পৰিচালিত যুৱক-যুৱতী সকলৰ সবলীকৰণক জড়িত কৰা।

এই লক্ষ্যৰে যোগাযোগ, সামাজিক মাধ্যমত আৰু নতুন প্ৰযুক্তিৰ পৰিবেশ থকা দ্ৰুত গতিত পৰিবৰ্তিত বিশ্বত সামগ্ৰিক সক্ষম ব্যৱস্হা স্হাপন কৰা। কেন্দ্ৰই এই সংন্হাটোৰ দ্বাৰা ১৫ বছৰৰ পৰা ২৯ বছৰৰ যুৱক যুৱতী সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰে। আনহাতে বিশেষ ভাবে নিৰ্দ্ধাৰিত কাৰ্যসূচীৰ বাবে ১০ বছৰৰ পৰা ১৯ বছৰ বয়সৰ হিতাধিকাৰী সামৰি লোৱা হব। ” মেৰা যুৱ ভাৰত” সংন্হাৰ দ্বাৰা অভিজ্ঞতাৰ ভিত্তিত শিক্ষণৰ জৰিয়তে নেতৃত্ব বহনৰ দক্ষতা উন্নত কৰাৰো লক্ষ্য স্হিৰ কৰে কেন্দ্ৰীয় চৰকাৰে।

Leave A Reply