সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চমুকৈ এ.পি.এছ .চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাভৈ মিছামাৰী গাওঁৰ নৱনীতা ৰংহাংপীয়ে ৷ এই খবৰ বিয়পি পৰাৰ লগে উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ পাভৈ বাসী ৰাইজ ৷ বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীয়ে নৱনীতালৈ জনাই অভিনন্দন আৰু শুভেচ্ছা ৷
ইতিমধ্যে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অবিনাশ হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক মানস প্ৰতিম গঞ্জু , প্ৰচাৰ সম্পাদক ৰাহুল খদাল, তথ্য সম্পাদক দিপেন কেওঁটকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই নৱনীতালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে৷
বৃহত্তৰ পাভৈৰ মিছামাৰী গাওঁৰ জিতেন ৰংহাংৰ সুযোগ্য সন্তান নৱনীতাৰ এই সাফল্যই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে ৰাইজে৷ আনহাতে প্ৰশাসনিক সেৱাত উৎসৰ্গিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামুলক পৰীক্ষাত নৱনীতাৰ এই সাফল্যত অতিশয় সুখী বুলি উল্লেখ কৰে পিতৃ মাতৃ তথা পৰিয়ালবৰ্গই ৷

