অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে(APSC scam)ঘোষণা কৰে যে ৰাজ্য চৰকাৰে শেহতীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ [এপিএছচি] নগদ ধনেৰে চাকৰি ক্ৰয় কেলেংকাৰিত জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা অভিযুক্তক পুনৰ নিযুক্তি দিয়াৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিব৷
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপনৰ সময়ত বাক্সা জিলাত এক অনুষ্ঠানত ভাষণ দি শৰ্মাই কয় যে বিশেষকৈ বৰ্তমানৰ প্ৰশাসনে চৰকাৰী সেৱাত মেধাভিত্তিক নিযুক্তিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে৷ সেয়ে আদালতৰ এই সিদ্ধান্তত চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ৫৭গৰাকী বৰ্খাস্ত কৰা বিষয়াৰ ভিতৰৰে ৫২গৰাকীক পুনৰ নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল৷ এই ব্যক্তিসকলক অসামৰিক, আৰক্ষী আৰু সংশ্লিষ্ট সেৱাত বৃহৎ পৰিসৰৰ নিযুক্তি হোৱাৰ হোৱাৰ পিছত সেৱাৰ পৰা আঁতৰাই দিয়া হৈছিল৷
উচ্চ ন্যায়ালয়ে আৰু নিৰ্দেশ দিছিল যে যিসকলে সফলতাৰে পৰীক্ষামূলক সময়সীমা সম্পূৰ্ণ কৰিছিল তেওঁলোকক ৫০ দিনৰ ভিতৰত পুনৰ নিযুক্তি দিব লাগিব হ’ব৷ এই ৰায়ৰ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় ‘যদি সংবাদ মাধ্যমত পঢ়া কথাখিনি সঠিক হয়, তেন্তে ৰায়দান সঁচাই দুৰ্ভাগ্যজনক৷ অন্যায় উপায়েৰে নিজৰ স্থান নিশ্চিত কৰা কোনোৱে যাতে ব্যৱস্থাটোত পুনৰ স্থান নাপায় তাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ৷’ ২০১৬ চনত অসমক জোকাৰি যোৱা নগদ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ ফলত এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালকে ধৰি ৭০জনতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ নিজৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি শৰ্মাই নিশ্চিত কৰে যে ৰাজ্যখনে উচ্ছতম ন্যায়ালয়ত আৱেদন দাখিল কৰিব আৰু কলংকিত বিষয়াসকলক পুনৰ নিযুক্তি দিয়াত বাধা দিবলৈ সকলো আইনী বিকল্পৰ সন্ধান কৰিব৷