২০১৩ বর্ষৰ এপিএছচি কেলেংকাৰিঃ ১৪ জুলাই ডেডলাইন ১০ বিষয়াক

স্বজন–তোষণ, দুর্নীতি–নিয়মেৰে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ক কলংকিত কৰা নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা আন একাংশ ৰাজপত্রিত বিষয়াৰ বিপদ নিশ্চিত হৈ পৰিছে৷ পাল বাহিনীক ধনৰ টোপোলা দি চাকৰি লোৱা এইসকল ৰাজপত্রিত বিষয়াক শীঘ্রে গ্রেপ্তাৰৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কিয়নো ২০১৩ চনত অনুষ্ঠিত আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অনিয়মেৰে উত্তীর্ণ হোৱা একাংশ ৰাজপত্রিত বিষয়ালৈ কাৰণ দর্শোৱাৰ জাননী কৰিছে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন এজনীয়া ন্যায়িক তদন্ত আয়োগে৷

প্রাপ্ত তথ্য অনুসৰি অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ণ সেৱাত কর্মৰত মুঠ ১০গৰাকীলৈ জাননী জাৰি কৰিছে আয়োগে৷ তদন্ত আয়োগখনৰ সচিবে এ চি এছ, এ পি এছ আৰু আন সেৱাৰ অভিযুক্ত বিষয়ালৈ জাননী জাৰি কৰিছে৷ ১৫ দিনৰ ভিতৰত আয়োগৰ কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ প্রদান কৰিব লাগিব অভিযুক্ত বিষয়াসকলে৷ অর্থাৎ অহা ১৪ জুলাইৰ ভিতৰত কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ অভিযুক্ত বিষয়াসকলে প্রদান কৰিব লাগিব৷

উল্লেখ্য যে ৰাকেশ পালৰ নেতৃত্বত এ পি এছ চিত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰি৷ শকত ধনৰ টোপোলাৰ বিনিময়ত একাংশ মন পছন্দৰ প্রার্থীক পালে সংস্থাপন কৰিছিল ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত৷ ভাতৃ ৰাজীৱ পালৰ ছপাশালত ছপা কৰা উত্তৰবহীত একাংশ প্রার্থীক প্রশ্ণোত্তৰ লিখাৰ সুযোগ প্রদান কৰি পালে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ কৰোৱাইছিল৷ আনকি বহু প্রার্থীৰে টেবুলেচন শ্বীটত নম্বৰ যোগ কৰি চূড়ান্ত পৰীক্ষাত মন পছন্দৰ প্রার্থীসকলক উত্তীর্ণ কৰোৱাইছিল পাল বাহিনীয়ে৷ এই সন্দর্ভত ডিব্রুগড় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ পাছতে বক্র পথেৰে চাকৰি লোৱা অর্ধশতাধিক ৰাজপত্রিত বিষয়া আৰক্ষীৰ জালত পৰে৷ সমান্তৰালভাৱে ২০১৩ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ন্যায়িক তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হয় এটা গোচৰ৷ সকলো দিশ চালি–জাৰি চাই উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ কার্যকালত সংঘটিত দুর্নীতিৰ ন্যায়িক তদন্তৰ নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰে৷

এই আয়োগে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ উত্তৰবহীৰ লগতে টেবুলেচন শ্বীট আদি পৰীক্ষা কৰে৷ ২০১৩ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত প্রায় ৩০০খন উত্তৰবহী পৰীক্ষা কৰে৷ য’ত আয়োগে যথেষ্ট খেলিমেলি প্রত্যক্ষ কৰিছে৷ ইয়াৰ ভিত্তিতে আয়োগে একাংশ ৰাজপত্রিত বিষয়ালৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ অভিযুক্ত বিষয়াসকলৰ ভাষ্য লাভ কৰাৰ পাছতে এজনীয়া তদন্ত আয়োগে চৰকাৰক প্রতিবেদন দাখিল কৰিব৷ এই প্রতিবেদনৰ ভিত্তিত চৰকাৰে অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ন্যায়িক তদন্ত আয়োগে জাননী প্রেৰণ কৰা দুজন বিষয়াৰ ভাতৃয়েও একেটা বর্ষতে এ চি এছৰ পদ লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰে এজন বিষয়া আৰক্ষীৰ প্রাক্তন শীর্ষ বিষয়াৰ পুত্র৷

Related Articles