Breaking

গুৱাহাটী প্ৰেছ ক্লাবত “অসমীয়া সম্প্ৰীতিৰ গল্প” শীর্ষক গ্ৰন্থ উন্মোচন অপূর্ব শৰ্মাৰ

0 117


“বাস্তৱ অভিজ্ঞতা নাথাকিলে সাৰ্থক গল্প সৃষ্টি কৰিব নোৱাৰি” -আজি গুৱাহাটী প্ৰেছ ক্লাৱত নাট্য কৰ্মী অশোক কুমাৰ দাস সম্পাদিত গল্প পুথি “অসমীয়া সম্প্ৰীতিৰ গল্প”শীর্ষক গল্প সংকলনটি উন্মোচন কৰি খ্যাতনামা গল্পকাৰ অপূর্ব শৰ্মাই এইদৰে কয়।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চৈয়দ আব্দুল মালিক, ড:বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, যোগেশ দাস, ডঃ ভবেন্দ্রনাথ শইকীয়াৰ পৰা সাম্প্ৰতিক কালৰ মণিকা দেৱী, চন্দনা পাঠকলৈ ২৫ গৰাকী গল্পকাৰৰ সম্প্ৰীতিক উপজীব্য কৰি লিখা ২৫ টা ভিন্নসময়ৰ গল্পৰ একত্ৰ সংকলন হৈছে “অসমীয়া সম্প্ৰীতিৰ গল্প”।

বশিষ্ঠ লালমাটিৰ নাহৰ প্ৰকাশনৰ হৈ আব্দুল ৰছিদে প্ৰকাশ কৰা এই গল্প সংকলনটি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গল্পকাৰ শিৱানন্দ কাকতী, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, জগদীশ চ্ন্দ্ৰ চৌধুৰী, অধ্যাপক আব্দুল মান্নান, মণিকা দেৱীয়ে বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত গ্ৰন্থখনৰ সম্পাদক অশোক কুমাৰ দাসে গল্প সংকলনটি সন্দৰ্ভত দুষাৰ কোৱাৰ লগতে প্ৰকাশক আব্দুল ৰছিদে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply