অৰ্চিতা ফুকনৰ ঘটনা সন্দৰ্ভত (Archita Phukan) ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল সম্বোধন। সংবাদমেলত আৰক্ষীৰ বিস্ফোৰক তথ্য প্ৰকাশ। আনহাতে শনিবাৰে ৰাতি অৰ্চিতা ফুকনৰ ৰহস্য ফাদিল হৈছিল। কোনো নীলা ছবিৰ নায়িকা নহয় অৰ্চিতা ফুকন। ডিব্ৰুগড়ৰ এগৰাকী বিৱাহিতা মহিলা অৰ্চিতা ফুকন। মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকে AIৰ সহায়ত এনে নিকৃষ্ট কাম কৰিছিল। ঘটনাৰ সন্দৰ্ভত প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক গ্ৰেপ্তাৰ।
অৰ্চিতাৰ বিভিন্ন ফটো মৰ্ফ কৰিছিল প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল। য’ত মাত্ৰ অৰ্চিতাৰ মুখমণ্ডলৰ সামান্য অংশহে মিল আছিল। মুখমণ্ডলৰ বাদে দেহৰ বাকী অংশ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল।
সেই ফটো ভিডিঅ’ সমূহ শ্বেয়াৰ কৰা হৈছিল সামাজিক মাধ্যমত। কেৱল ফটো বিকৃত কৰাই নহয়, পৰ্ণ চাইটত অৰ্চিতাৰ ভুৱা ভিডিঅ’ আপলোড কৰি প্ৰাক্তন প্ৰেমিকে সংগ্ৰহ কৰিছিল ১০ লাখ টকা। অৰ্চিতা আৰু প্ৰতিম দুয়ো একেলগে পঢ়া অৰ্চিতাৰ ফুকনক হাৰাশাস্তি কৰিবৰ বাবেই এনে নিকৃষ্ট কাম কৰিছিল মেকানিকেল ইঞ্জিনীয়া প্ৰতিম বৰাই। আনহাতে এতিয়ালৈকে প্ৰতিমৰ এই কু-কাণ্ডৰ সৈতে অন্য কোনো ব্যক্তি জড়িত থকা সম্ভেদ পোৱা গৈছে।