Archita Phukan: নীলা ছবিৰ নায়িকা নহয়ঃ ডিব্ৰুগড়ৰৰ এগৰাকী বোৱাৰীহে অৰ্চিতা ফুকন

বিগত কিছুদিন ধৰি (Archita Phukan) চৰ্চিত হৈ থকা এটি নাম হৈছে অৰ্চিতা ফুকন। অসমৰ যুৱতী বুলি কোৱা অৰ্চিতাকলৈ শেহতীয়াকৈ পোহৰলৈ আহিছে কেতবোৰ বিশেষ তথ্য। দৰাচলতে অৰ্চিতা ফুকন নামৰ চৰিত্ৰটো এআইৰহে সৃষ্টি বুলি বহুতে দাবী কৰিছিল। এনে দাবীৰ মাজতে প্ৰকৃত অৰ্চিতা ফুকনৰ পৰিয়ালে যুৱতীগৰাকীৰ ছবি ইনষ্টাগ্ৰামত বিকৃত কৰি বুলি অভিয়োগ উত্থাপন কৰি ডিব্ৰুগড় থানাত এজাহাৰ দাখিল কৰিছিল। প্ৰাপ্ত তথ্য অনুসৰি প্ৰকৃত অৰ্চিতা ফুকনৰ ভাতৃয়ে ডিব্ৰুগড় থানাত এই বিষয়ে এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য অনলাইনত জনপ্ৰিয়ভাৱে বেবীডল অৰ্চি নামেৰে পৰিচিত অসমৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ অৰ্চিতা ফুকনৰ নামেই ঘূৰি আছে বৰ্তমান ৷ ডেম উন গ্ৰৰ ৰীলৰ সফলতা আৰু আমেৰিকাৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে তেওঁৰ এখন ফটো ভাইৰেল হৈ পৰাৰ পিছত ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি হৈছে । ইনষ্টাগ্ৰামত ১ মিলিয়নৰো অধিক অনুগামী থকা ইনফ্লুয়েঞ্চাৰগৰাকী বৰ্তমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শীৰ্ষ নামলৈ পৰিণত হৈছিল, বিশেষকৈ কেট লিনৰ হিট গান ডেম উন গ্ৰৰৰ ৰীল ভাইৰেল হোৱাৰ পিছত । এই ৰীলটো লাখতকৈও অধিক বাৰ চোৱা হৈছে আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ই যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে।


কিন্তু কেৱল ৰীলটোৱেই নাছিল যিয়ে বেবীডল অৰ্চিক ৰাতিটোৰ ভিতৰতে খ্যাতিৰ দিশত আগুৱাই লৈ গৈছিল । ছাৰ্চ ইঞ্জিনত তেওঁৰ নাম ভাইৰেল হ’বলৈ ধৰিলে, মানুহে সক্ৰিয়ভাৱে গুগলত “Archita Pukham video viral Original”ৰ দৰে শব্দ বিচাৰিবলৈ ধৰিলে । অৰ্চিতাক লৈ চলি থকা আলোচনাই অধিক জোৰদাৰ গতি লাভ কৰে যেতিয়া অৰ্চিতা ফুকনে আমেৰিকাৰ প্ৰাপ্তবয়স্ক তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে ৷ বিগত কিছুদিন ধৰি দুয়োজনে ইনষ্টাগ্ৰাম পোষ্টত ইজনে সিজনক টেগ কৰি আহিছে।

আনহাতে কালি ওলাল এই অৰ্চিতা ফুকনৰ ঘটনা ৰহস্য।কোনো নীলা ছবিৰ নায়িকা নহয় অৰ্চিতা ফুকন। ডিব্ৰুগড়ৰ এগৰাকী বিৱাহিতা মহিলা অৰ্চিতা ফুকন। খবৰ ওলাইছে যে মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকে AIৰ সহায়ত এনে নিকৃষ্ট কাম কৰিছিল। ঘটনাৰ সন্দৰ্ভত প্ৰতিম বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ। তিনিচুকীয়াৰ প্ৰতিম বৰাই ডিব্ৰুগড়ৰ বোৱাৰী অৰ্চিতা ফুকনক লৈ কৰিছিল এই কু-কাণ্ড।

অৰ্চিতাৰ বিভিন্ন ফটো মৰ্ফ কৰিছিল প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল। য’ত মাত্ৰ অৰ্চিতাৰ মুখমণ্ডলৰ সামান্য অংশহে মিল আছিল। মুখমণ্ডলৰ বাদে দেহৰ বাকী অংশ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল।

সেই ফটো ভিডিঅ’ সমূহ শ্বেয়াৰ কৰা হৈছিল সামাজিক মাধ্যমত। তাৰপিছতে চৰ্চালৈ আহিছিল অৰ্চিতা। সংবাদ মাধ্যমতো এই খবৰ বিয়পি পৰিছিল। বাতৰি সৃষ্টি হৈছিল। কেৱল অসমতে নহয়, দেশতে চৰ্চালৈ আহিছিল অৰ্চিতা নামটো। গতিকে ভাবক আপুনি মই ভবাতকৈ কিমান আগবাঢ়ি গৈছে AI।

Related Articles