Breaking

পিঠিত ওলোৱা ফোঁহা, খজুৱতিৰ বাবে বেকলেছ পোছাক পৰিধানত কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? ব্যৱহাৰ কৰক এই কেইটা বস্তু…

0 82

পিঠিত ওলোৱা ফোহা, খজুৱতিৰ বাবে বেকলেছ পোছাক পৰিধানত কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? ব্যৱহাৰ কৰক এই কেইটা বস্তু। ইয়াৰ সহায়ত নোহোৱা হ’ব পিম্পল নাইবা ফোঁহা, খজুৱতি আদিৰ দৰে ব্ৰণ। প্ৰায়ে বহু লোকৰ পিঠিত কিছু ফোহা ওলায়, যাৰ বাবে যথেষ্ট খজুৱতি হয়। আমি যদি কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰো তেন্তে সোনকালে তাৰ পৰা পৰিত্ৰাণ পাব। যেতিয়া মুখত পিম্পলছ দেখা দিবলৈ আৰম্ভ কৰে, তেতিয়া মুখৰ সৌন্দৰ্য্যত প্ৰভাৱ পৰে, কিন্তু কেতিয়াবা ফোহা আৰু পিম্পল পিঠিতো দেখা দিয়ে, যিটো আমি প্ৰায়ে আওকাণ কৰো। কিন্তু বেকলেছ ড্ৰেছ পিন্ধি ভাল পোৱা মহিলাসকলৰ বহু অসুবিধা হয়। এই পিম্পলবোৰে পিঠিৰ সৌন্দৰ্য্য নষ্ট কৰে যাৰ বাবে বিবাহ আৰু পাৰ্টিৰ সময়ত পিঠিখন ঢাকি ৰাখিবলগীয়া হয়।

পিঠিৰ পিম্পলছৰ পৰা মুক্তি পোৱাৰ সহজ উপায়-

পিঠিৰ পিম্পলে কেৱল ছালৰ সৌন্দৰ্য্যৰ ক্ষতি কৰাই নহয়, এই ফোঁহাবোৰে সঘনাই খজুৱতিৰ সৃষ্টি কৰে। আজি আমি সেই ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আপোনালোকক জনাম।

১/ এলোভেৰা জেল

আমি সকলোৱে জানো যে এলোভেৰা জেল ছালৰ বাবে অতি উপকাৰী, যাৰ বাবে ইয়াক বহুতো সৌন্দৰ্য্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়। পিঠিৰ পিম্পল আঁতৰাবলৈ এলোভেৰাৰ পাত ভাঙি তাৰ বীজ উলিয়াই ফ্ৰীজত কিছু সময় ৰাখিব। এতিয়া ফোঁহা বা খজুৱতি হোৱা ঠাই সমূহত ঠাণ্ডা জেল লগাই প্ৰায় আধা ঘণ্টা ৰাখিব। শেষত পৰিষ্কাৰ পানীৰে ধুই দিব।

২) মৌ আৰু দালচেনি

মৌ আৰু দালচেনি মিহলাই ফেচ পেক প্ৰস্তুত কৰক। ইয়াৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ফোঁহা আঁতৰোৱাত সহায় কৰে। ইয়াৰ বাবে এক চামুচকৈ মৌ আৰু দালচেনিৰ গুৰি মিহলাই পিঠিত ১৫ মিনিট ৰাখিব।

৩/ গ্ৰীণ টি

গ্ৰীণ টি প্ৰায়ে ওজন কমোৱাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানেনে যে ই ছালৰ যত্নৰ বাবে এক উৎকৃষ্ট চিকিৎসা। ইয়াৰ বাবে একাপ গ্ৰীণ টি প্ৰস্তুত কৰি লওক, এতিয়া তাত কপাহী বা কপাহ ডুবাই পিঠিত লগাওক আৰু শুকোৱাৰ পিছত পিঠিখন ধুই দিব।

Leave A Reply