Breaking

আপুনি সাজু নে? প্ৰকাশ পালে আগন্তুক টি-২০ বিশ্বকাপৰ সূচী

0 56

এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিছত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। ১ জুনৰ পৰা ২৯ জুনলৈ চলিব টি-২০ বিশ্বকাপৰ মেচ। প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপত ২০টা দলে কৰিব অংশগ্ৰহণ ।

সৰ্বমুঠ ৫৫খন মেচ অনুষ্ঠিত হ’ব টি-২০ এইবাৰৰ বিশ্বকাপত। । মুঠ ৪টা গ্ৰুপত অনুষ্ঠিত হ’ব খেল। প্ৰত্যেক গ্ৰুপতে আছে ৫টাকৈ দল। গ্ৰুপ পৰ্যায়ৰ শীৰ্ষৰ দুটা দল পৰৱৰ্তি সময়ত Super-8 পৰ্যায়ললৈ উন্নীত হ’ব।

ভাৰতৰ সৈতে Group Aত আছে পাকিস্তান, আয়াৰলেণ্ড, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ;

Group Bত আছে ইংলেণ্ড, অষ্ট্ৰেলিয়া, নামিবিয়া, স্কটলেণ্ড, ওমান;

Group Cত আছে নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, উগাণ্ডা, পাপুৱা নিউগিনি;

Group Dত আছে দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু নেদাৰলেণ্ড।

৫ জুনত আয়েৰলেণ্ডৰ সৈতে মুখা-মুখি হ’ব মেন ইন ব্লু। ৯ জুনত ভাৰত মুখা-মুখি হ’ব চিৰবৈৰী পাকিস্তানৰ সৈতে। ১২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ১৫ জুনত কানাডাৰে ভাৰত খেল।

Leave A Reply