Arishita Phukan । ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলাৰ নাম লৈ ছচিয়েল মিডিয়াত চলিল কু-কাণ্ড। সোশ্যাল মিডিয়াত ভাইৰেল হোৱা কিছুমান আপত্তিজনক ফটো আৰু ভিডিঅ’ক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চাৰ সৃষ্টি হৈছে। যিজন মহিলাক লৈ এই ভাইৰেল কাণ্ড, তেঁও হ’ল অৰ্চিতা ফুকন—ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা, যিজনে আমেৰিকাত বাস নকৰে বুলি নিশ্চিত কৰা হৈছে।
অভিযোগ অনুসৰি, এই সমগ্ৰ ঘটনাৰ মূলতত্বত আছিল অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বরা। প্রতিম বৰাই কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত অৰ্চিতাৰ মুখ মর্ফ কৰি বিভিন্ন আপত্তিজনক ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰিছিল। জানিব পৰা মতে, ভাইৰেল হোৱা ফটোসমূহত কেৱল মুখখনহে আৰ্জিনেল আছিল, বাকী দেহৰ অংশ সম্পূৰ্ণৰূপে মর্ফ কৰি সৃষ্টি কৰা হৈছিল।
এই কাণ্ডৰ ফলস্বৰূপে অৰ্চিতা চাইবাৰ ক্ৰাইমৰ বলি হয়। ছচিয়েল মিডিয়াত অতি তীব্ৰভাৱে ভাইৰেল হোৱা ফটো আৰু ভিডিঅ’সমূহে অৰ্চিতাৰ ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰি তোলে। মুঠতে, এটা নিৰীহ মহিলাৰ ওপৰত এক ভয়ংকৰ মানসিক অত্যাচাৰ চলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
এই বিষয়টো এখন স্থানীয় বাতৰি সংস্থাৰে আৰম্ভ হৈ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেৰে ধৰি ব্যাপকভাৱে প্ৰকাশ পায়। অধিকাংশ সংবাদ মাধ্যমেও প্ৰাথমিকভাৱে ভাইৰেল ফটো দেখি তথ্য যাচাই নকৰাকৈ খবৰ প্ৰচাৰ কৰে, যাৰ ফলত অৰ্চিতাৰ মানহানি ঘটে।
আচল ঘটনা উন্মোচিত হোৱাৰ পিছত এতিয়া সৰ্বসাধাৰণৰ মাজতো উত্থান হৈছে AI আৰু মিছা তথ্যৰ বিপজ্জনক ব্যৱহাৰৰ বিষয়ে। ঘটনাটোত ইতিমধ্যে চাইবাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্ত প্ৰতিম বৰাক বিচাৰৰ আওতালৈ অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিছে—ছচিয়েল মিডিয়াৰ যুগত তথ্য যাচাই নকৰাকৈ যিকোনো খবৰ শ্বেয়াৰ কৰাটো কিমান ভয়ংকৰ ফল দিব পাৰে।
বিগত কিছুদিন ধৰি নেজিজেনৰ মাজত চৰ্চিত হৈ থকা এটি নাম হৈছে অৰ্চিতা ফুকন। অসমৰ যুৱতী বুলি কোৱা অৰ্চিতাকলৈ শেহতীয়াকৈ পোহৰলৈ আহিছে কেতবোৰ বিশেষ তথ্য। দৰাচলতে অৰ্চিতা ফুকন নামৰ চৰিত্ৰটো এআইৰহে সৃষ্টি বুলি বহুতে দাবী কৰিছে। এনে দাবীৰ মাজতে প্ৰকৃত অৰ্চিতা ফুকনৰ পৰিয়ালে যুৱতীগৰাকীৰ ছবি ইনষ্টা গ্ৰামত বিকৃত কৰি বুলি অভিয়োগ উত্থাপন কৰি ডিব্ৰুগড় থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি প্ৰকৃত অৰ্চিতা ফুকনৰ ভাতৃয়ে ডিব্ৰুগড় থানাত এই বিষয়ে এজাহাৰ দাখিল কৰিছে। অৱশ্যে আৰক্ষী সূত্ৰই এই বিষয়ত একো কথা এতিয়ালৈকে ৰলাজহুৱাকৈ প্ৰকাশ কৰা নাই। উল্লেখ্য অনলাইনত জনপ্ৰিয়ভাৱে বেবীডল অৰ্চি নামেৰে পৰিচিত অসমৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ অৰ্চিতা ফুকনৰ নামেই ঘূৰি আছে বৰ্তমান ৷ ডেম উন গ্ৰৰ ৰীলৰ সফলতা আৰু আমেৰিকাৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে তেওঁৰ এখন ফটো ভাইৰেল হৈ পৰাৰ পিছত ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি হৈছে ।ইনষ্টাগ্ৰামত ৮ লাখ ৪৬ হাজাৰৰো অধিক অনুগামী থকা ইনফ্লুয়েঞ্চাৰগৰাকী বৰ্তমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শীৰ্ষ নামলৈ পৰিণত হৈছে, বিশেষকৈ কেট লিনৰ হিট গান ডেম উন গ্ৰৰৰ ৰীল ভাইৰেল হোৱাৰ পিছত । এই ৰীলটো লাখতকৈও অধিক বাৰ চোৱা হৈছে আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ই যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে ।
কিন্তু কেৱল ৰীলটোৱেই নাছিল যিয়ে বেবীডল অৰ্চিক ৰাতিটোৰ ভিতৰতে খ্যাতিৰ দিশত আগুৱাই লৈ গৈছিল । ছাৰ্চ ইঞ্জিনত তেওঁৰ নাম ভাইৰেল হ’বলৈ ধৰিলে, মানুহে সক্ৰিয়ভাৱে গুগলত “Archita Pukham video viral Original”ৰ দৰে শব্দ বিচাৰিবলৈ ধৰিলে ।
অৰ্চিতাক লৈ চলি থকা আলোচনাই অধিক জোৰদাৰ গতি লাভ কৰে যেতিয়া অৰ্চিতা ফুকনে আমেৰিকাৰ প্ৰাপ্তবয়স্ক তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে ৷ বিগত কিছুদিন ধৰি দুয়োজনে ইনষ্টাগ্ৰাম পোষ্টত ইজনে সিজনক টেগ কৰি আহিছে । আনকি ফুকনে এটা বাতৰিৰ শিৰোনামৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল য’ত লাষ্টে তেওঁক প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰাত সহায় কৰিছে বুলি প্ৰকাশ কৰা হৈছিল যদিও দুয়োজনৰে কোনোৱেই এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।
সামাজিক মাধ্যমত হোৱা চৰ্চা দেখি ফুকনে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, “শেহতীয়াকৈ মই মোৰ নামটো বাৰে বাৰে ঘূৰি থকা দেখিছোঁ – শিৰোনাম, ফুচফুচনি আৰু বহু জল্পনা-কল্পনাৰ সৈতে । এই সকলোবোৰ এটা সাক্ষাৎকাৰ, এটা ফ্ৰেম, এটা মুহূৰ্তৰ বাবেই ।”
তেওঁ লগতে কয়, “মই স্পষ্টকৈ কওঁ: মই একো নিশ্চিত কৰা নাই । আৰু মই ইয়াত অস্বীকাৰ কৰিবলৈও অহা নাই । কিয় ? কাৰণ মই শিকিছো যে স্পষ্টীকৰণতকৈ মৌনতাই প্ৰায়ে বেছিকৈ কথা কয় । কিছুমান পথ ব্যক্তিগত । কিছুমান খোজ কৌশলগত । আৰু কিছুমান কাহিনী অধ্যায়ত কোৱাটোৱেই উত্তম, কেপশ্যনত নহয় ।”
তেওঁ উল্লেখ কৰিছিল যে তেওঁক পতিতাবৃত্তিত জোৰ কৰা হৈছিল আৰু ইয়াৰ পৰা বাহিৰ হ’বলৈ তেওঁ ২৫ লাখ টকা পৰিশোধ কৰিছিল ।

