অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৩ সংখ্যক ওপজা দিন দিখৌমুখ হেলথ এণ্ড এথলেটিকচ ক্লাবে খেলুৱৈ, প্ৰশিক্ষক, সংগঠক, অভিভাৱক, বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ ক্লাব চৌহদত উদযাপন কৰে৷
পুৱা শতাধিক খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এহেজাৰ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ পিছত উদ্যোগী মহিলা জ্যোতিকা ভৰালীয়ে প্ৰস্তুত কৰা কেক কাটি বেংকক এছিয়াড গেমছৰ ৮০০ মিটাৰ দৌৰৰ স্বৰ্ণজয়ী অসম সন্তান ভোগেশ্বৰ বৰুৱাৰ সু-স্বাস্থ্য কামনা কৰা হয় ৷
অ’ বি চি উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন খেলুৱৈ হেমন্ত কুমাৰ গগৈ, সমাজকৰ্মী টুটু বৰঠাকুৰ, ৰামেশ্বৰ শইকীয়া, সহকাৰী আইন বলবৎকাৰী পৰিদৰ্শক দীপ দত্ত, দিখৌমুখ মিলিত শিল্পী সমাজৰ সভাপতি হেমন্ত ৰঞ্জন কাগয়ুং, দিখৌমুখ প্ৰেছ ক্লাবৰ সভাপতি নৱজ্যোতি ওজা আৰু ক্লাবৰ অভিভাৱক সমিতিৰ সভাপতি লাচিত দত্ত আৰু সমাজকৰ্মী ৰাণা সিঙে কেক কটা পৰ্বত অংশ গ্ৰহণ কৰে ৷

ক্লাবৰ সভাপতি সত্যজিৎ শইকীয়াই আঁত ধৰা সজাগতা সভাত টুটু বৰঠাকুৰ, দীপ দত্ত, হেমন্ত ৰঞ্জন কাগয়ুং আৰু হেমন্ত কুমাৰ গগৈয়ে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বৰ্ণময় আৰু প্ৰত্যাহ্বানেৰে ভৰা জীৱনৰ আলোকপাত কৰি প্ৰতিগৰাকী খেলুৱৈক তেওঁৰ দৰে দেশৰ গৌৰৱ হোৱাৰ চেষ্টা কৰিবলৈ আহ্বান জনায় ৷
পুৱা ক্লাবৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই উদ্বোধন কৰা আৰু প্ৰশিক্ষকদ্বয় গৌৰাঙ্গ বৰা ( এন আই এছ ) আৰু তীক্ষ্ণজিৎ শইকীয়াই পৰিচালনা কৰা দৌৰ প্ৰতিযোগিতাৰ তিনিটা শাখাত বিজয়ীসকলৰ লগতে অলপতে চিলাপথাৰত হৈ যোৱা খেলো ইণ্ডিয়া মহিলা পেঞ্চাক চিলাট লীগত পদক বিজয়ী প্ৰিন্সী নেওগ ( সোণ ), বাৰ্বী বৰা ( সোণ ), প্ৰিয়ংকা বৰা ( ৰূপ ), তুলিকা বৰা ( ৰূপ ), অৰ্চি কাশ্যপ (ৰূপ ), জ্যোতিস্মিতা নেওগ ( ব্ৰঞ্জ ), বন্দিতা বৰা ( ব্ৰঞ্জ ) আৰু লাকী নেওগ ( ব্ৰঞ্জ ) ক খেলুৱৈক সম্বৰ্দ্ধনা জনোৱা হয় ৷
ক্লাবৰ সদস্য হিমাদ্ৰী শইকীয়া আৰু তনয়া শইকীয়াই অতিথিসকলক আদৰনি জনায় ৷ এহেজাৰ মিটাৰ দৌৰৰ বিজয়ী সকল হ’লঃ ১৪ বছৰ অনুৰ্দ্ধ শাখাত প্ৰথম প্ৰানজিৎ টায়ে, দ্বিতীয় বিপ্লৱ হাজৰিকা, আদিত্য দাস ৷
১৭ বছৰ অনুৰ্দ্ধ শাখাত ৰাহুল ৰাজখোৱা প্ৰথম, বিশ্বজিৎ দাস দ্বিতীয়, অংকুৰ হাজৰিকা তৃতীয় ৷ছোৱালীৰ শাখাত প্ৰথম জানমণি গগৈ, প্ৰিয়ংকা দাৰিগ আৰু বিচিত্ৰা কলিতা