Breaking

সশস্ত্ৰ সীমা বল আৰু এছএছবিৰ প্ৰথম বেটেলিয়নৰ আন্তৰ্জাতিক যোগ দিৱস পালন

0 80

গুৱাহাটীস্থিত সশস্ত্ৰ সীমা বল আৰু এছএছবি সোনাপুৰৰ প্ৰথম বেটেলিয়নে আজি যুটীয়াভাৱে ফ্ৰণ্টিয়াৰৰ সোনাপুৰৰ মুখ্য কাৰ্যালয় নৱম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে৷

২০১৬ চনত গয়া (বিহাৰ) ২০১৬ ত নক্সাল বিৰোধী অভিযানত শ্বহীদ হোৱা ২০৫ ক’ব্ৰা চিআৰপিএফৰ শ্বহীদ চিটি (জিডি) অপূৰ্ব ডেকাৰ বিধবা পত্নী অঞ্জলি ডেকাক সন্মান জনাই অনুষ্ঠানটো আৰম্ভ হয়।

ফ্ৰণ্টিয়াৰৰ আইজি আৰকে ভুম্বলা, ফ্ৰণ্টিয়াৰ এছএছবিৰ মুখ্য কাৰ্যালয়ৰ ডিআইজি সোনম বোধ, প্ৰথম বেটেলিয়নৰ বিষয়া অনুজ কুমাৰ, মুখ্য কাৰ্যালয়ৰ এছএছবি জোৱান, অসামৰিক লোক, শিক্ষাৰ্থী, পৰিয়ালৰ প্ৰাক্তন সৈনিক আৰু যুদ্ধ বিধৱাসকলে নতুন এফটিআৰ অৱস্থানত যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

Leave A Reply