ৰঙিয়াত ভাৰতীয় সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি । ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰা উলিওৱা হৈছে । যোৱা বছৰ ১৬ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল । পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰা সোনালী জয়ন্তী বৰ্ষ হিচাপে সমগ্ৰ দেশতে এই অগ্নিশিখা কঢ়িয়াই নিয়া হব । শনিবাৰে সেনা বাহিনীৰ দল এটাই এই অগ্নিশিখা কঢ়িয়াই আনি ৰঙিয়া ৰেল জংচনত উপস্থিত হয়। ইয়াৰ পিছতে ৰঙিয়া ৰেল ডিভিজনৰ মুখ্য প্ৰৱন্ধক বিজয় কুমাৰ শ্ৰীবাস্তবে অগ্নিশিখা গ্ৰহণ কৰি সেনাবাহিনীৰ বাদ্যযন্ত্ৰীসকলৰ দ্বাৰা পৰিবেশিত ৰাষ্ট্ৰীয় গীতৰ অভিবাদন গ্ৰহণ কৰে। লগতে স্থানীয় ৰাইজে ৰঙিয়াৰ ষ্টেচনত ভাৰত মাতা কি জয় ধ্বনিৰে ৰাজপথ মুখৰিত কৰি তোলে । সেনা বাহিনীৰ লোক সকলে এই স্থানত ক্ষন্তেক সময় স্থানীয় ৰাইজৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে,ইয়াৰ পিছত স্বৰ্ণীম বিজয় অগ্নিশিখা লৈ ঠায়ে ঠায়ে ৰৈ এই দলটো বাংলাদেশলৈ ৰাওনা হব বুলি মন্তব্য কৰে । উল্লেখ্য যে ১৯৭১ চনৰ ১৬ ডিছেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধত জয়লাভ কৰিছিল । এনেদৰেই সেই বছৰে পাকিস্তান বিভাজিত হৈ বাংলাদেশৰ জন্ম হৈছিল । সেই যুদ্ধ খনত ১৩ হাজাৰ পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । সেই যুদ্ধত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিজয় উৎসৱৰ অংশ হিচাপে এই স্বৰ্ণীম বিজয় অগ্নি শিখাক সমগ্ৰ ভাৰততে পৰিভ্ৰমণ কৰা থকা হৈছে বুলি জানিবলৈ দিয়ে সেনা বাহিনীয়ে ।

