Breaking

জম্মু-কাশ্মীৰত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ। আঘাতপ্ৰাপ্ত ৩ জন লোক…

0 61

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ। দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন হৈছে সেনাবাহিনীৰ এ এল এইচ ধ্ৰুৱ হেলিকপ্টাৰ।সেনা বিষয়াগৰাকীৰ মতে এই দুৰ্ঘটনাত পাইলট কেইজন আঘাতপ্ৰাপ্ত হৈছে যদিও তেওঁলোক সুৰক্ষিত। সেনা বিষয়াগৰাকীয়ে কয় যে, এতিয়াও অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে।জম্মু-কাশ্মীৰত এয়া প্ৰথম ঘটনা নহয়। মাৰ্চ মাহৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশৰ মণ্ডলা পাহাৰীয়া অঞ্চলৰ সমীপত ভাৰতীয় সেনাৰ এভিয়েশন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু তাৰ দুজন পাইলট নিহত হৈছিল।

দুৰ্ঘটনাটোৰ পিছতে ভাৰতীয় সেনা, সাশাস্ত্ৰ সীমা বাল (এছ এছ বি) আৰু আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। বিষয়াসকলৰ মতে, সেনাবাহিনীৰ চিতা হেলিকপ্টাৰখনে অপাৰেচনেল ছৰ্টীত থকাৰ সময়তে বিমান পৰিবহণ নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। সেনাই কয় যে দুৰ্ঘটনাৰ আঁৰৰ কাৰিকৰী দিশৰ তদন্ত কৰি আছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ডিচেম্বৰ মাহতো হেলিকপ্টাৰখনত এনে কাৰিকৰী বিজুতিৰ পিছত জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী আৰু অন্যান্য সহায়ক কৰ্মচাৰীৰ সৈতে দেশখনে প্ৰথমখন চিডিএছ হেৰুৱাবলগীয়া হৈছিল। কাৰিকৰী কাৰণত তেওঁৰ হেলিকপ্টাৰখনো দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াৰ পিছতো সেনাৰ বিমানৰ উন্নতি হোৱা নাই।

Leave A Reply