Breaking

ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে

0 1,090

দুমুনিচকীত আম আদমি পাৰ্টী যোগদান সভা।দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাৰুৱাচকীত দেওবাৰে আম আদমি পাৰ্টীৰ যোগদান সভা সম্পন্ন হয়।ধৰ্মৰ বিপৰীতে বিকাশৰ ৰাজনীতি আপৰ লক্ষ্য। শিক্ষিত মানুহৰ নেতৃত্বৰ দল আম আদমি পাৰ্টী। ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে দৰং জিলাৰ আম আদমি পাৰ্টীৰ নেতৃত্বই।

অনুষ্ঠানত অৰবিন্দ কেজৰিৱালৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে।সভাত দৰং জিলাৰ আম আদমি পাৰ্টীৰ আহ্বায়ক অসীম কুমাৰ নাথ,প্ৰভাত বনীয়া, হিতেশ ডেকা,মোস্তাফিজুৰ ৰহমান, ছিপাঝাৰ সমন্বয়ক লক্ষেশ্বৰ বৰুৱা, দৰং জিলাৰ সমন্বয়ক ৰেজাউল হক প্ৰমুখ্যে কেইবা গৰাকী দলীয় কৰ্মী উপস্থিত থাকে ।

Leave A Reply