Breaking

অযোধ্যাৰ ৰাম মন্দিৰ আক্ৰমণৰ বৃহৎ পৰিকল্পনা কৰা পাকিস্তানৰ মাষ্টাৰমাইণ্ড, আইছিছ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

0 71

দিল্লী আৰক্ষীৰ বিশেষ কোষে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বাহ নৱাজকে ধৰি তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰকাশ কৰিছে যে তেওঁলোকৰ হেণ্ডলাৰ আন কোনো নহয়, পাকিস্তানত থকা ফাৰহাতুল্লা গোৰী নামৰ সন্ত্ৰাসবাদী।

ভাৰতৰ পৰা পাকিস্তানলৈ পলায়ন কৰা ফাৰহাতুল্লাহ গোৰীয়ে আইছিছৰ নামত ভাৰতৰ যুৱক-যুৱতীসকলক অনলাইন জেহাদৰ বাবে প্ৰস্তুত কৰি আছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ জেৰাত এক চাঞ্চল্যকৰ ষড়যন্ত্ৰ উন্মোচিত হয় – অযোধ্যাৰ ৰাম মন্দিৰটোও সন্ত্ৰাসবাদীৰ টাৰ্গেট লিষ্টত আছিল – দিল্লীৰ অক্ষৰ্ধম মন্দিৰ, জনবহুল বজাৰ, ৰে’ল ষ্টেচনসমূহো সন্ত্ৰাসবাদীৰ হিট লিষ্টত আছিল – বিজেপি আৰু আৰএছএছৰ ডাঙৰ ডাঙৰ নেতাক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনাও আছিল।

২০০২ চনত গুজৰাটৰ অক্ষৰধম মন্দিৰত সংঘটিত হোৱা আক্ৰমণৰ সৈতে জড়িত আছিল ফাৰহাতুল্লাহ গোৰী।২০০২ চনত গৰি হায়দৰাবাদৰ এছটিএফৰ কাৰ্যালয়ত আত্মঘাতী আক্ৰমণৰ আয়োজন কৰিছিল। হায়দৰাবাদৰ নিবাসী ফাৰহাতুল্লাহ গোৰীয়ে ভাৰতৰ পৰা পাকিস্তানলৈ পলায়ন কৰি তাতেই আত্মগোপন কৰি আছে। ভাৰত চৰকাৰে ফাৰহাতুল্লাহ গোৰীক নিৰ্দিষ্ট সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে।

Leave A Reply