চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবে কলিয়াবৰত কৃত্ৰিম বান

অবৈজ্ঞানীক পৰিকল্পনাৰে নিৰ্মাণৰত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ অভিযোগ এতিয়া সৰ্বত্ৰে। কলিয়াবৰো ইয়াৰ ব‍্যতিক্ৰম নহয়। কলিয়াবৰৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ আঁসোৱাপূৰ্ণ নিৰ্মাণৰ ফল ভূগিছে পথৰ কাষৰ বাসিন্দাই। কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭ (ক) নং ৰাষ্ট্ৰীয় পথত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত ভালেমান বিসঙ্গতিৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছে। বিশেষকৈ পথৰ কাষৰ নলা আৰু সেৱা পথ নিৰ্মাণ নকৰাক লৈ প্ৰতিবাদো চলি আহিছে।
যোৱা কেইবাদিন ধৰি বৰষুণ দি থকাৰ ফলত কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য‍্যালয়ৰ প্ৰায় গাতে লাগি থকা কেইবাটাও বাসগৃহ কৃটিম বানৰ কৱলত।
পথ নিৰ্মাণ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লেহেমীয়া আৰু বিসঙ্গতিপূৰ্ণ কামৰ ফল ভূগিবলগীয়া হৈছে বুলি অভিযোগ তোলে ভূক্তভোগীয়ে।
শেহতীয়াকৈ, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে উক্ত স্থানত উপস্থিত হৈ কৃটিম বানৰ কৱলত পৰা পৰিয়ালকেইটাৰ অৱস্থাৰ বুজ লয়। ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিক মতাই আনি অনতিপলমে কৃটিম বানৰ সমস‍্যা দূৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বৰষুণৰ পানী নিষ্কাষণৰ ব‍্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

Related Articles