দৰঙৰ নামখলাত “শংকৰী কলা সংস্কৃতিৰ সাধক” বসুন্ধৰ ডেকালৈ শিল্পী পেন্সন

নামখলা : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলাৰ নিবাসী পিতা কৰ্পুৰ ডেকা আৰু মাতৃ ভাৰতী ডেকাৰ জেষ্ঠ পুত্ৰ বসুন্ধৰ ডেকাক শিল্পী পেন্সনাৰ হিচাপে অসম চৰকাৰে ঘোষণা কৰাত পশ্চিম মঙলদৈৰ লোকসকল উৎফুল্লিত ৷ পশ্চিম মঙলদৈত শংকৰী সংস্কৃতিৰ ক্ষেত্ৰতেই হওঁক বা সমাজ সংগঠক হিচাবেই হওঁক গোটেই অঞ্চলত তেওঁৰ এক সুকীয়া নাম আছে ৷ যুৱ সমাজক প্ৰাধান্য দি একগোট কৰি বৰগীত, নাট, অংকীয়া ভাওনাৰ জৰিয়তে অসমৰ কলা সংস্কৃতিবোৰ বিশ্ব দৰবাৰত প্ৰচাৰ প্ৰসাৰৰ বাবে যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত তেওঁ আৰু তেওঁৰ দলে অসম তথা অসমৰ বাহিৰত গৈ কৰা শংকৰী কৃষ্টি সংস্কৃতিৰ বিষয়ে প্ৰচাৰ মাধ্যমত ইতিমধ্যে বহুল চৰ্চা লাভ কৰিছে ৷ দৰঙত প্ৰথমবাৰৰ বাবে একমাত্ৰ শংকৰী সংস্কৃতিৰ ক্ষেত্ৰত বসুন্ধৰ ডেকাই শিল্পী পেন্সন পোৱা ব্যক্তি ৷ শিল্পী পেন্সনৰ বাবে পবিত্ৰ প্ৰাণ বড়া, প্ৰফুল্ল হাজৰিকা, পুলিন হাজৰিকা আৰু প্ৰদীপ চন্দ্ৰ ডেকাৰ নাম লৈ যথেষ্ট অৰিহণা থকা বুলি উল্লেখ কৰে ৷ আনহাতে শিল্পী বসুন্ধৰ ডেকা উত্তৰ পূৱ ভাৰতৰ সৰ্ব বৃহৎ অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বৰ্তমান কাৰ্যকালত উপপদাধিকাৰৰ দৰে পদ অলংকৃত কৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷

Related Articles