Breaking

ভেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত নৈশ ফুটবল খেল প্ৰতিযোগিতাত শিল্পী জুবিন গাৰ্গ

0 2,109

ওদালগুৰি জিলাৰ পুৰণি ভেৰগাঁও জনতা সংঘৰ খেলপথাৰত আৰম্ভ হয় ৰাজ্যিক ভিত্তিত নৈশ ফুটবল খেল প্ৰতিযোগিতা ৷ৰাজ্যৰ ৩২ টা বচা বচা দলে অংশ লোৱা উদ্বোধনী খেল খন অনুষ্ঠিত হয় গোৰেশ্বৰ টাউন ক্লাৱ আৰু খাগ্ৰাবাৰী জৌংদাওছা গেলেগ্ৰা ক্লাৱৰ মাজত ৷
বিগত দুমাহ ধৰি পুৰণিভেৰগাঁৱৰ ৰাইজে ফুটবল খেলৰ জ্বৰত আক্ৰান্ত হৈ আছিল ৷ ক’ৰণা মহামাৰীৰ মাজতে নিশা আৰম্ভ হ’ল ফুটবল খেল ৷ হিলদল ভাঙি আহিল প্ৰায় ১২ হেজাৰ হেজাৰ ফুটবল প্ৰেমী ৷

নিশা প্ৰায় ৯ বজাত খেল উদ্বোধন কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ এই উদ্বোধনী খেল আৰু বৰ্ণাঢ্য নৃত্য চাবলৈ হেজাৰ হেজাৰ লোকেৰে খেলপথাৰ ভৰি পৰা পৰিলক্ষিত হয় ৷ উদ্বোধনী খেলখন অতি আকৰ্ষনীয় ভাৱে প্ৰদৰ্শন হয় ৷খেলৰ প্ৰথমাৰ্ধৰ ১৮ মিনিটত গোৰেশ্বৰৰ ৰাকেশ দাসে এটি গলেৰে দলক আগুৱাই নিয়ে যদিও খাগ্ৰাবাৰী দলৰ খেলুৱৈয়ে এটি গ’লেৰে সমতা স্থাপন কৰে ৷ নিৰ্দিষ্ট সময়লৈ কোনো দলে গ’লেৰে বিজয়ী নহোৱাত টাইব্ৰেকাৰৰ সহায়ত গোৰেশ্বৰক খাগ্ৰাবাৰী দলে ৫-৪ গলত পৰাজিত কৰে ৷ উল্লেখযোগ্য যে হাস্যৰসিক অভিনেতা বিপুল ৰাভা আৰু পবিত্ৰ ৰাভাৰ লগতে ৰাজ্যিক ফুটবল সন্থাৰ উপসভাপতি লক্ষ্মীৰাম বড়ো উপস্থিত থাকে ৷

Leave A Reply