Breaking

হাতীৰ আক্ৰমণত অৰুণাচল প্ৰদেশ ইউবিপিঅৰ সভাপতি গোবিন্দ বসুমতাৰীৰ মৃত্যু…

0 29

হাতীৰ আক্ৰমণত অৰুণাচল প্ৰদেশ ইউবিপিঅৰ সভাপতি, পাছিঘাট বাথৌ সমাজৰ সভাপতি গোবিন্দ বসুমতাৰীৰ মৃত্যু

সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ অৰুণাচল প্ৰদেশ সমিতিৰ সভাপতি, পাছিঘাট বাথৌ মহাসভাৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে হাতীৰ আক্ৰমণত মৃত্যুক আকোৱালি লয়। পাছিঘাটৰ মেৰমেৰ চাৰিআলিৰ বাসিন্দা আছিল গোবিন্দ বসুমতাৰী।ঘটনাৰ বিৱৰণী মতে পাছিঘাটস্থিত বালেক বস্তিৰ মাৰগম জামহ নামৰ ব্যক্তি এজনে নিজৰ হাতী অস্বাভাৱিক আচৰণ কৰাৰ বাবে আজি ৰাতিপুৱা গোবিন্দ বসুমতাৰীক পাছিঘাটৰ নিজ ঘৰৰপৰা ৰাতিপুৱা ৪ মান বজাত   আলংৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ কায়িং নামৰ ঠাইতলৈ লৈ যায়।

বিয়লি ২ মান বজাত হাতীৰ আক্ৰমণত মৃত্যু হোৱা বুলি পৰিয়ালক জনায়। মৃত্যুৰ সময়ত তেওঁ সহধৰ্মিনীৰ লগতে পুত্ৰ, কন্যা আৰু বোৱাৰীক ইহঃসংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক অশোক দৈমাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গোড়া বসুমতাৰী, সাধাৰণ সম্পাদক অশোক বসুমতাৰী,

অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ উপ সভাপতি বিলাম্বৰ খেৰকটাৰী, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস সম্পাদক ভদ্ৰ দাস,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং,ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়ো,সাধাৰণ সম্পাদক উদাং বি বডোছাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply