Breaking

ৰেচনকাৰ্ডপ্ৰাপ্ত প্ৰতিগৰাকী মহিলাক অৰুণোদয় প্ৰদান কৰা হ’ব, তিনি-চাৰিটাতকৈ অধিক সন্তানৰ মাতৃ লাখপতি আঁচনিৰ পৰা হ’ব বঞ্চিত…

0 43

“ৰেচনকাৰ্ডপ্ৰাপ্ত অসমৰ প্ৰতিগৰাকী মহিলাক অৰুণোদয় লগতে একাধিক সুবিধা প্ৰদান কৰা হ’ব৷ ইতিমধ্যে প্ৰতিশ্ৰুতি অনুসৰি ১৮ লাখৰপৰা ২৮ লাখ মহিলাক অৰুণোদয় প্ৰদান কৰা হৈছে ৷ ”আজি শিৱসাগৰ জিলাৰ ৯৫ নং ডিমৌ সমষ্টিৰ ৰাইচাইত কেইবাটাও প্ৰকল্প আধাৰশিলা আৰু শুভাৰম্ভ তথা উদ্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংগা বজাই এনেদৰে কয়৷মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ২৯ ফেব্ৰুৱাৰীত বিকাশৰ যাত্ৰা আৰম্ভ কৰি ১৪ মাৰ্চত বিকাশৰ যাত্ৰা সামৰণি পৰিব৷এই বিকাশ যাত্ৰাত অসমৰ প্ৰতিটো সমষ্টিত প্ৰকল্পৰ নামত চৌবিশ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব৷ ইয়াৰ অংশস্বৰূপে ডিমৌ সমষ্টিত ৩২৩ কোটি টকা শুভাৰম্ভ আৰু আধাৰশিলা নামত ব্যয় হ’ব৷মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত বকতা খামুনৰপৰা ডিমৌ,নিতাইপুখুৰী চাৰিআলিৰপৰা বামৰজাবাৰী , বামৰজাবাৰীপৰা ধাইবাৰী, ধাইবাৰীৰপৰা মিলনকুৰ , ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগণ , জলজীৱন , অত্যাধুনিক বিদ্যালয় পুনৰ্নিমাণ ধৰি একাধিক প্ৰকল্প ভাৰ্চুয়েলি আধাৰশিলা আৰু শুভাৰম্ভ কৰে ৷আনহাতে দেশৰ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰা প্ৰায় ৭ কোটি টকাৰ শিৱসাগৰ জিলাৰ ডিমৌত স্হাপন হোৱা মেডিকেল কলেজৰ কাম তিনিবছৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

মুখ্যমন্ত্ৰীয়ে ডিমৌ সমষ্টিত প্ৰায় এহেজাৰ কোটি টকা প্ৰকল্পৰ কাম দুমাহত কৰা বুলি উল্লেখ কৰে৷ইফালে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত প্ৰতিশ্ৰুতি অনুসৰি ৯৭ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হৈছে বুলি উল্লেখ কৰি অচিৰেই আৰু তিনিহাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰি এক লাখৰ টাৰ্গেট সম্পূর্ণ কৰিব বুলি কয়৷আনহাতে কম দিনৰ ভিতৰতে আন ৩৫ হাজাৰ যুৱক-যুৱতীক চাকৰিত মকৰল কৰি চৰকাৰৰ কৰ্মযজ্ঞ অব্যাহত ৰাখিব বুলি কয়৷দলীয় কাৰ্যকতাসকলে ডিমৌ সমষ্টিৰ সৰ্ববৃহৎ ৰাজনৈতিক সভা বুলি দাবী কৰা বিকাশ যাত্ৰাৰ এই সভাত উপস্থিত কেইবাসহস্ৰাধিক ৰাইজক উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব৷ চৰকাৰে ৰেচনকাৰ্ডপ্ৰাপ্ত প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুস্মান কাৰ্ড , উজ্জ্বলা আঁচনি ৰন্ধন গেছ , ঘৰৰ মূৰব্বীলৈ বীমা আঁচনি প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ইয়াৰোপৰি সভাত উপস্থিত লাখপতি বাইদেউসকলক অতি শীঘ্ৰে দহ হাজাৰ টকা বেংক একাউণ্ট যোগে প্ৰদান কৰা হ’ব বুলি কয়৷কিন্ত তিনি-চাৰিটাতকৈ অধিক সন্তান থাকিলে লাখপতি আঁচনিৰপৰা বঞ্চিত হ’ব৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অধিকাংশ ছাত্ৰীয়ে আৰ্থিক অনাটনৰ বাবে উচ্চশিক্ষা গ্ৰহণৰ সপোন ত্যাগ কৰে৷এইসকল ছাত্ৰীৰ শিক্ষাজীৱন অব্যাহত থাকে তাৰ বাবে দহ হাজাৰ টকাকৈ পৰ্যায় ক্ৰমে প্ৰদান কৰিব৷ ছাত্ৰীসকলৰ দায়িত্ব মামাই যিদৰে গ্ৰহণ কৰিছে সেইদৰে ল’ৰাসকলৰ দায়িত্ব পিতৃ-মাতৃয়ে ল’ব লাগিব বুলিও কয়৷ আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকাশ আৰু ঐতিহ্য অব্যাহত ৰখাৰ কাৰণে বিভিন্ন কৰ্ম আঁচনি প্ৰস্তুত কৰিছে৷ইয়াৰ অংশ হিচাপে যোৰহাটৰ মেলেঙত এশ পঁচিশ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে৷ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ কাম দ্ৰুতগতিত কৰি থকা হৈছে বুলিও ব্যক্ত কৰে৷ এই সভাতে মুখ্যমন্ত্ৰীয়ে ডিমৌ সমষ্টিৰ কেইবাখনো চাহ বাগিছালৈ অত্যাধুনিক সুবিধাযুক্ত এম্বুলেন্স পৰিচালকৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

ইফালে সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী তৃতীয় বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে আগন্তুক দুমাৰ ভিতৰত শপথগ্রহণ কৰিব। এই গৰাকী প্ৰধান মন্ত্ৰী নেতৃত্বত সমগ্র ভাৰতত উন্নয়নৰ গংগা ববলৈ ধৰিছে আৰু এই সময়চোৱাতে অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱ হোৱাৰ দিশত। ইয়াৰ পিছতে স্হানীয় বিধায়ক সুশান্ত বৰগোহাঁইয়ে ভাষণ প্ৰদান কৰি কয় যে গত নিৰ্বাচনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি তথা সপোন বাস্তৱ হোৱাৰ দিশত।এইগৰাকী মুখ্যমন্ত্রীৰ নেতৃত্ব কোনো মন্ত্ৰী ,বিধায়ক, আমোলাক লগ নকৰাকৈ তথা সংযোগ নোহোৱাকৈ একলাখ যুৱ-যুৱতীয়ে চাকৰিকে ধৰি একাধিক সুবিধা কৰিবলৈ সক্ষম হৈছে বুলি কয় ।আজিৰ সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু , দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী , ৰাজ্যিক বিজেপি ,জিলা বিজেপি , মহিলা মৰ্চা , যুৱ মৰ্চা , চাহ মৰ্চা আদিৰ নেতৃত্বৰ সমন্বিতে ৰাজ্যিক চাহ কোষৰ শিব বদ্ৰা, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালিনী কোঁৱৰ, শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ আৰু বিজেপি দলীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে৷

Leave A Reply