Breaking

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,তামুলপুৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন

0 1,290

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, তামুলপুৰ খণ্ডৰ  বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা খন শণিবাৰে ৰামেচুবুৰী হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত  হৈ যায় ৷ শণিবাৰে পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ গছপুলি ৰোপণ কৰে সহকাৰী শিক্ষক প্ৰদীপ কুমাৰ বড়োয়ে ৷ দহ বজাত তামুলপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ ওপৰত  আকস্মিক বক্তৃতা , চিত্ৰাংকণ  আৰু বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতা খনৰ বিচাৰকৰ দায়িত্ব পালন কৰে  সহকাৰী বিজ্ঞান শিক্ষক ক্ৰমে  নবীন চন্দ্ৰ ৰাভা, ৰূপজ্যোতি দাস ,জিন্টু উজীৰ , গুণজিৎ শৰণীয়া আৰু ৰাজকুমাৰ ছেত্ৰীয়ে ৷ দিনৰ দুইবজাত ৰামেচুবুৰী হাইস্কুলৰ প্ৰধান শিক্ষক উমেশ দাসৰ সভাপতিত্বত আৰম্ভ হয় মুকলি আৰু বঁটা বিতৰণী সভা।

সহকাৰী শিক্ষক কমলাকান্ত বড়োৱে আঁঁতধৰা সভাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সমূহৰ  লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰে  আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , তামুলপুৰৰ  সমন্বয়ক উত্তম দাসে ৷ বঁটা  বিতৰণী সভাত ঝাৰগাঁৱ হাইস্কুলৰ সহকাৰী শিক্ষক নাৰায়ন স্বৰ্গীয়াৰী  আৰু  ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাক্সা জিলাৰ উপ – সভাপতি তথা বিজ্ঞান শিক্ষক, দিলীপ কুমাৰ  নায়কৰ উপৰি ৰামেচুবুৰী হাইস্কুলৰ  সহ শিক্ষক সকল উপস্থিত থাকি প্ৰতিযোগী ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে ৷ ৰামেচুবুৰী হাইস্কুলৰ প্ৰধান শিক্ষক উমেশ দাসে আদৰণি ভাষণেৰে আৰম্ভ কৰা সভাত   অতিথি বক্তা সকলে   স্কুলীয়া ছাত্ৰ – ছাত্ৰীৰ মাজত কি দৰে   বিজ্ঞানক  জনপ্ৰিয় কৰিব পাৰি আৰু খেলা – ধূলাৰ মাজেৰে বিজ্ঞানক  জনপ্ৰিয় কৰা সন্দৰ্ভত বক্তব্য ৰাখে ৷ শণিবাৰে প্ৰতিযোগিতা খনৰ সকলো কাৰ্যসূচীতে বাক্সা জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমূহৰ সমন্বয়ক তথা  ৰামেচুবুৰী হাইস্কুলৰ বিজ্ঞান শিক্ষক হেমন্ত কুমাৰ দাস পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৷ মুকলি সভাতে  বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হয়  ৷

Leave A Reply