আই, আই, টি গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক বিজ্ঞান সমাৰোহ অনুষ্ঠিত

আই, আই, টি গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক বিজ্ঞান সমাৰোহ অনুষ্ঠিত।তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান প্ৰদৰ্শনী।অনুষ্ঠানত উপস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিভাগীয় সচিব লয়া মাধুৰী, সঞ্চালক কিমনেই চাংচন, আই, আই, টি গুৱাহাটীৰ অধ্যাপক পি পূনিয়ামুৰ্তী, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক জয়দীপ বৰুৱা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।ছাত্ৰ-ছাত্ৰী সকলৰ বিজ্ঞান মনস্তত্ত্ব গঢ়ি তুলি বিশ্বৰ দৰবাৰলৈ পঠিয়াব লাগিব – এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ।অনুষ্ঠানত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ধেমাজি সমন্বয় কেন্দ্ৰক বঁটা প্ৰদান কৰাৰ লগতে মুখপত্ৰ”আৰ্যভট্ট” উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই।প্ৰতি বছৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আগশাৰীৰ শিক্ষানুষ্ঠান সমুহ ছাত্ৰ-ছাত্ৰী সকলক পৰিদৰ্শন কৰাবলৈ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰা যাৱতীয় সহযোগিতাৰো আশ্বাস দিয়ে মন্ত্ৰী কেশৱ মহন্তই।নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আসক্ত আৰু উদ্ভাৱনী শক্তিৰে সফল হোৱাৰ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী কেশৱ মহন্তই।উল্লেখ্য যে এই বিজ্ঞান সমাৰোহৰ ৯ চেপ্তেম্বৰত সামৰণি পৰিব।

Related Articles