Breaking

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে”: সৰ্বানন্দ সোণোৱাল…

0 21

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থাৰ ধেমাজি জিলা সমিতিৰ ৯মদ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলশ্ৰুতিত আৰু গতিশীল নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত দ্ৰুত প্ৰগতি আৰু সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে ধেমাজিত অনুষ্ঠিত সদৌ অসম সোণোৱালক ছাৰীছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।অনুষ্ঠানত সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীডাঙৰীয়াৰ গতিশীল নেতৃত্বত দেশখনদ্ৰুত গতিত আগবাঢ়িছে। এই বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে ই দেশৰ প্ৰতিটো প্ৰান্তকে সামৰি লৈছে। মোদীৰ অনুপ্ৰেৰণাদায়ক নেতৃত্বত দেশত সুশাসন ব্যৱস্থা কাৰ্যকৰী হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিত এক নতুন দিগন্তৰ সূচনা হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত এই বৃহৎ অঞ্চলটো যথেষ্ট পিছপৰি আছিল। প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ সংখ্যক ভ্ৰমণৰ সৈতে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ জীৱনত আমূল পৰিৱৰ্তনৰ সূচনা হোৱাৰ লগতে ৰাইজৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ‘মোদী কি গেৰাণ্টি’ৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সবৰীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জনধন যোজনা, স্কিল ইণ্ডিয়া, মেকইনইণ্ডিয়া, ষ্টাৰ্ট-আপ্ইণ্ডিয়া, ডিজিটেলইণ্ডিয়া, উজ্জ্বলাযোজনা, আয়ুষ্মানভাৰত, স্বচ্ছভাৰতঅভিযান, জলজীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে। “ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত হোৱা ক্ষিপ্ৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত সৰ্বাংগীণ বিকাশৰ যথেষ্ট সম্ভাৱনা থকা স্বত্বেও কংগ্ৰেছ চৰকাৰৰ অন্ধকাৰ যুগত দশকদশক জুৰি অৱহেলিত হৈ আছিল সমগ্ৰ অঞ্চলটো। কিন্তু মোদীডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰলৈ সামগ্ৰিক প্ৰগতি আৰু উন্নয়ন অনাৰ নিৰন্তৰ প্ৰয়াস কৰাৰ বাবে সমগ্ৰ অঞ্চলটোৱে এতিয়া বিকাশৰ এক নৱজাগৰণৰ সাক্ষী হৈছে। কংগ্ৰেছৰ দিনত দশকদশক জুৰি দুৰ্নীতি, শোষণ আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদীচৰকাৰে ইতিমধ্যে ৫ লাখ কোটি টকাতকৈও অধিক অনুদান আগবঢ়াইছে।”সোণোৱালে লগতে কয়, “অসমৰ এটি শক্তিশালী জনগোষ্ঠী সোণোৱাল কছাৰীৰ লোকসকলে ৰাজ্যখনৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। জনগোষ্ঠীটোৰ সৰ্বাংগীণ উত্তৰণৰ ক্ষেত্ৰত ১৯৬৮ চনৰ জন্মলগ্নৰ পৰাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত আজি অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত হৈছোঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে বিকশিত কৰাৰ দিশত আগৰণুৱা হৈ কাম কৰি যাবলৈ ছাত্ৰ সংগঠনটোৰ লগতে জনগোষ্ঠীটোৰ সকলোকে আন্তৰিক আহ্বান জনালোঁ। “অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল তথা বিশিষ্ট ব্যক্তিসকল।

Leave A Reply