টীয়ক:- যোৰহাট জিলাৰ চেলেংহাট নামচেচুৰ বাসিন্দা, বিশিষ্ট সমাজ কৰ্মী, শৰীৰ চৰ্চাবিদ তথা নিচা মুক্তি অভিযানৰ লগত জড়িত তুষাৰ পালক সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চই অসম গৌৰৱ বঁটা প্ৰদান কৰিছে।। ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষ ব্যক্তি সকলক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোৱে সমাজকৰ্মী তুষাৰ পাললৈ জীৱন জোৰা সমাজপ্ৰাণ খিতাপ প্ৰদান কৰে। গুৱাহাটীৰ দিছপুৰস্থিত পি ডব্লিউ ডি অডিটেৰিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সমাজ কৰ্মী তুষাৰ পালে বঁটা গ্ৰহণ কৰে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কৃষানৰ হাতৰ পৰা। আনহাতে এই বটা লাভ কৰি সমাজ সেৱাৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰি যাৱলৈ উৎসাহ আৰু অনুপ্ৰেৰণা পোৱা বুলি ব্যক্ত কৰে তুষাৰ পালে।উল্লেখ্য যে, তুষাৰ পাল এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শৰীৰ চৰ্চাবিদ। আনহাতে মাদক দ্ৰব্য, ড্ৰাগছ, অন্ধবিশ্বাস আৰু কৰ’নাৰ বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা আনিবলৈ কোনো চৰকাৰী সহায় অবিহনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা লগতে কেইবাখনো ছুটি ছবি নিৰ্মান কৰা লগতে নিজৰ পকেটৰ ধন খৰচ কৰি বিভিন্ন অঞ্চলত সজাগতা সভা আৰু লিফলেট আদি বিতৰন আহিছে। ইয়াৰো পৰি বহু অসহায় দৰিদ্ৰ লোক আৰু ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াই আহিছে তুষাৰ পালে। ইতিমধ্যে তুষাৰ পালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে।এই গৰাকী মানৱ দৰদী সমাজকৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ সন্মান বঁটা আগবঢ়োৱাত চেলেংহাট বাসীয়ে আনন্দ প্ৰকাশ কৰা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।