অসম সাহিত্য সভাৰ সাংগঠনিক (Asam Sahitya Sabha) কামত উঠি পৰি লাগিছে অসম সাহিত্য সভাৰ সভাপতি-প্ৰধানসম্পাদক প্ৰমুখ্যে ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি। সেই উপলক্ষে অলপতে অসম সাহিত্য সভাৰ শোণিতপুৰৰ নৱগঠিত শাখা বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ বিশেষ তৎপৰতাত অনুষ্ঠিত ‘আলাপ’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধান সম্পাদক গৰাকীয়ে কয় যে সকলো জাতি-জনগোষ্ঠীয়ে সম-মৰ্যদাৰে অসম সাহিত্য সভাৰ অংশীদাৰিত্ব গ্ৰহণ কৰিব লাগিব।
ভাষণ প্ৰসংগত তেওঁ সভাৰ পতাকাৰ তলত সকলো একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতি গঠনত অগ্ৰসৰ হ’ব লাগিব বুলিও ব্যক্ত কৰে। শাখা সাহিত্য সভাৰ সভাপতি প্ৰধান শিক্ষক আব্বাছ আলিৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, ৰূপকোঁৱৰ শাখাৰ বিষয়ববীয়া চিত্তৰঞ্জন নাথে অতিথি হিচাপে অংশগ্ৰহণ কৰে। শাখা সম্পাদক নুৰুল হক, অধিবক্তা প্ৰিয়ৰঞ্জন ঘোষ প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীৰ উপস্থিতিত শাখাৰ বিষয়ববীয়াই অতিথিসকলক একোখনকৈ গামোচাৰে আদৰণি জনাই ভাষা সাহিত্যৰ সেৱাত ব্ৰতী হ’বলৈ সংকল্প গ্ৰহণ কৰে।।

