Asam Sahitya Sabha: অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ গৰাকী শিক্ষাগুৰুক সন্মান

জীৱনৰ লগত জগতৰ (Asam Sahitya Sabha)চিনাকি কৰি দিয়া মহান শিক্ষকসকল জনজীৱনৰ নমস্য ব্যক্তি: ড০ অনিল শইকীয়া সাহিত্য সভাক শৃংখলিতভাৱে আগুৱাই নিবৰ কাৰণে শিক্ষাগুৰুসকলৰ সহায়ৰ প্ৰয়োজন আছেঃ পদুম ৰাজখোৱা শিক্ষকসকল সমাজৰ কাৰণে এটি অতি প্রয়োজনীয় অংগ দেৱজিৎ বৰা।

“জীৱনৰ লগত জগতৰ চিনাকি কৰি দিয়া মহান শিক্ষকসকল জনজীৱনৰ নমস্য ব্যক্তি। অসম সাহিত্য সভাই যিসকল শিক্ষকক আজি সন্মান জনাইছে, সেইসকলৰ বহুতেই বিদ্যালয়ৰ প্রতিষ্ঠাকালৰ শিক্ষক। শিক্ষা দানকে জীৱনৰ ব্রত হিচাপে সংকল্প গ্রহণ কৰাৰ বাবে তেওঁলোকে যি মাহিলী মাননি পাইছিল, সেয়া তেখেতসকলৰ বাবে গৌণ কথা। মানব সম্পদ গঢ়াই হৈছে তেওঁলোকৰ মূল দায়িত্ব।” আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভক্তনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত অসম সাহিত্য সভাৰ গুৰু প্রণাম অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট লোক সংস্কৃতিবিদ-গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনিল শইকীয়াই এইদৰে কয়।

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত গুৰু প্রণাম অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰসংগত ড০ শইকীয়াই লগতে কয়- “আজি অসম সাহিত্য সভাই শিক্ষকসকলক যি সম্মান প্রদান কৰিছে, সেয়া ৰাজ্যিক পর্যায়ৰ এক শ্রেষ্ঠ সন্মান হিচাপে নিৰন্তৰ গৰিমা লাভ কৰিব।” অনুষ্ঠানৰ আৰম্ভণিতে গুৰু প্রণাম অনুষ্ঠানৰ কথকতা উল্লেখ কৰি অসম সাহিত্য সভাৰ প্রধানসম্পাদক দেৱজিৎ বৰাই কয় “শিক্ষকসকল সমাজৰ কাৰণে এটি অতি প্রয়োজনীয় অংগ। এখন সুস্থ, সবল নিৰোগী সমাজ গঢ় ল’বলৈ হ’লে শিক্ষকসকলৰ অৱদান সমাজে স্বীকাৰ কৰিবই লাগিব। শিক্ষকসকলেই সমাজ নিয়ন্ত্রণ কৰিব পাৰে।

গতিকে, সমাজ নির্মাণৰ দায়িত্ব শিক্ষকসকলৰ হাতত অর্পণ কৰাতো অত্যন্ত জৰুৰী হৈ পৰিছে।” ইফালে সভাপতিৰ মন্তব্যত পদুম ৰাজখোৱাই কয়-“অসম সাহিত্য সভাক শৃংখলিতভাবে আগুৱাই নিবৰ কাৰণে আমাক শিক্ষাগুৰুসকলৰ সহায়ৰ প্রয়োজন হৈছে। গতিকে সাহিত্য সভাৰ লগত শিক্ষাগুকসকল সম্পৃক্ত হৈ আগবাঢ়ি যোৱাৰ বাবে আমি সকলোবেই সংকল্পবদ্ধ হ’ব লাগিব।” সেউজ স্বর্ণ শাখা সাহিত্য সভাৰ শিল্পীবৃন্দই সাহিত্যাচাৰ্য্য মিত্রদেৱ মহন্ত বিৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীত পৰিৱেশন কৰাৰ পাছত অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড০ হীৰালাল বৰাই ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্রতিচ্ছবিত বন্তি প্রজ্জ্বলন কৰে আৰু সেউজ স্বর্ণ শাখা সাহিত্য সভা উপসভাপতি কুশল কুমাৰ গুৰু বন্দনা পৰিবেশন কৰে। অসম সাহিত্য সভাৰ তথ্য প্রযুক্তি উপসমিতিৰ আহ্বায়ক স্বর্গজ্যোতি চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত বৰগীত পৰিৱেশন কৰে নির্মালী চৌধুৰীয়ে। আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্রকাশন পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব ড° অসমী গগৈ, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শর্মা, অনুবাদ প্রকল্পৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সাংগঠনিক সম্পাদক দুলাল নাথ, লোক পৰিৱেশ্য কলাৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মন, আউনীআটী বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক পঞ্জীয়ক প্রশান্ত দত্ত, গোৱালপাৰা জিলা সাহিত্য সভাৰ জিলা প্রতিনিধি জিতুমণি দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা, অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক বিজু দেৱী, কুঁহি উপসমিতিৰ আহ্বায়ক প্রশান্ত শইকীয়া, অসম সাহিত্য সভাৰ প্রাক্তন ধনভৰাঁলী মিহিৰ কুমাৰ বৰুৱাকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আজি অসম সাহিত্য সভাই গুৰু প্রণাম অনুষ্ঠানত ৩৩ খন জিলা সভা আৰু মূল সভাৰ দ্বাৰা নিৰ্বাচিত ৩৯ গৰাকী শিক্ষকক বিশেষ সম্মান প্রদান কৰে। সম্মানপ্রাপ্ত শিক্ষকসকল হ’ল- শিৱসাগৰৰ ৰেৱতী বুঢ়াগোহাঁই গগৈ, গোৱালপাৰাৰ দণ্ডীনাথ ৰাভা, চৰাইদেউৰ ৰবীন চন্দ্র কোঁৱৰ, কাৰ্বি আংলঙৰ দেবেন্দ্র শর্মা, নগাঁৱৰ ধনদা দেবী, হোজাইৰ দ্বিজেন্দ্র কলিতা, গোলাঘাটৰ মহেন বৰবা, তিনিচুকীয়াৰ লীলাম্বৰ দহোটীয়া, বাক্সাৰ নৰেশ্বৰ দাস, ওদালগুৰিৰ কৃষ্ণ বড়া, কামৰূপৰ কনক শৰ্মা, ধুবুৰীৰ সাধুচৰণ ৰায়, যোৰহাটৰ প্রবীণ চন্দ্র বৰা, কার্বি আংলঙৰ বিশেষভাৱে নির্বাচিত মুনিমন্ত শইকীয়া, মৰিগাঁৱৰ ভানুৰাম কাকতি, বৰপেটাৰ প্রমোদ শৰ্মা, দৰঙৰ ড° বিজয় কুমাৰ শৰ্মা, শোণিতপুৰৰ ড° ভূপেন শইকীয়া, লক্ষীমপুৰৰ যদুনাথ বশিষ্ঠ, ধেমাজিৰ কুশল বৰুৱা, ধেমাজিৰ বিশেষভাৱে নির্বাচিত উত্তম কুমাৰ গগৈ, কৰিমগঞ্জৰ অপূর্ব দত্ত, হাইলাকান্দিৰ মনোজিত দেৱ, হাইলাকান্দি বিশেষভাবে নির্বাচিত অনিমেশ ভট্টাচার্য, চিৰাঙৰ দেৱান গাজী মুস্তাফা, কোকৰাঝাৰৰ বীৰেন্দ্র ৰয়, শিলচৰৰ কৰুণা শর্মা, কামৰূপ মহানগৰ বিশেষভাবে নির্বাচিত কামদেৱ ডেকা, পশ্চিম কাৰ্বি আংলঙৰ কেশৱ চন্দ্র উপাধ্যায়, মাজুলীৰ বলোৰাম কলিতা, ডিমাহাচাওৰ ডাঃ ববিতা ইংতিপি, বিশ্বনাথৰ বিজয়া বৰা, নলবাৰীব প্রদীপ শর্মা, বঙাইগাঁৱৰ পৰমানন্দ বায়, লক্ষীমপুৰৰ বিশেষভাবে নির্বাচিত পূর্ণানন্দ চেতিয়া, কামৰূপ মহানগৰৰ বিশেষভাবে নির্বাচিত চৈয়দা হুছেইনআৰা বেগম, ডিব্রুগড়ৰ বিষ্ণুকমল ডেকা, কামৰূপ মহানগৰৰ গৌৰীকান্ত ভূঞা আৰু বিশেষভাৱে নির্বাচিত মহেন্দ্রচন্দ্র কলিতা।

জয়ন্ত পাটগিৰীয়ে লোকগীত আৰু নেইনা ডেকাই ভক্তিমূলক গীত পৰিৱেশন কৰা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই শলাগ জ্ঞাপন কৰে। শেষত জাতীয় সংগীতেৰে আজিৰ অনুষ্ঠানৰ সামৰণি পৰে।

Related Articles